নাবাৰ্ডৰ পুঁজিৰে এবছৰৰ ভিতৰতে ৰাজ্যৰ সকলো কাঠৰ দলং পকী হ’ব; বাঁহৰ দলংবোৰ একে থাকিব : মন্ত্ৰী হিমন্ত বিশ্বৰ ঘোষণা

Himanta

সংবাদমেলত গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

“অহা বছৰৰ পৰা অসমত নাথাকিব এখনো কাঠৰ দলং। ৰাজ্যৰ সকলো দলঙেই পকী কৰা হ’ব লাচিত-চিলাৰায় সেঁতু নিৰ্মাণ পৰিযোজনাৰ অধীনত।” আজি জনতা ভৱনত এখন সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰে গড়কপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কালি মুম্বাইত নাবাৰ্ডৰ অধ্যক্ষৰ সৈতে ৰাজ্যৰ গড়কপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন বৈঠকত মিলিত হোৱাৰ পিছত লাচিত-চিলাৰায় সেঁতু নিৰ্মাণ পৰিযোজনাৰ অধীনত ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা কাঠৰ দলংসমূহ পকী কৰাৰ বাট মুকলি হয় বুলি আজি মন্ত্ৰীজনে সংবাদমেলত জানিবলৈ দিয়ে।

সংবাদমেলত মন্ত্ৰীজনে কয়, “অসমত প্ৰায়  ১১৭২খন কাঠৰ দলং আছে। প্ৰত্যেক বছৰে ২০০-৩০০ কাঠৰ দলং পকী কৰি থকা হয় যদিও এইবছৰ লাচিত-চিলাৰায় সেঁতু নিৰ্মাণ আঁচনিৰ অধীনত এই গোটেই কাঠৰ দলং একেলগে পকী কৰাৰ ব্যৱস্থা কৰা হ’ব।”

আনহাতে কাঠৰ দলংসমূহৰ ঠাইত পকী দলং নিৰ্মাণ কৰাৰ বাবদ আনুমানিক ২ হাজাৰ কোটি টকা লাগিব বুলি মন্ত্ৰীগৰাকীয়ে মঙলবাৰৰ সংবাদমেলত সদৰী কৰে। নাবাৰ্ডৰ অধ্যক্ষই এই সমগ্ৰ ধনৰাশি দিয়াৰ কথা দিছে বুলি মন্ত্ৰী হিমন্তই কয়। তেওঁ লগতে অহা ছেপ্তেম্বৰ মাহৰ পৰা এই কাম আৰম্ভ হ’ব বুলি আশ্বাস প্ৰদান কৰে।

যোৱা বছৰ বাজেটত এহাজাৰখন কাঠৰ দলং পকী কৰাৰ বাবে ধন ধৰা হৈছিল যদিও ২৫০খনহে কৰা হ’ল বুলি তেওঁ স্বীকাৰ কৰে।

ইয়াৰোপৰি তেওঁ উল্লেখ কৰা তথ্য অনুসৰি ১২৬টা সমষ্টিৰ ভিতৰত ১৫টা সমষ্টিতহে কাঠৰ দলং নাই।

তাৎপৰ্য্যপূৰ্ণভাৱে এবছৰৰ ভিতৰতে এই দলংসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হ’ব বুলি আশ্বাস দি মন্ত্ৰীজনে কয় যে এবছৰৰ ভিতৰত আঁচনিখনৰ সমগ্ৰ ধন নাবাৰ্ডে অসম চৰকাৰক প্ৰদান কৰিব।

অৱশ্যে বাঁহৰ দলংসমূহৰ অৱস্থাৰ পৰিৱৰ্তন নহয় বুলি জানিব পৰা গৈছে। “বাঁহৰ দলং থাকিব কিন্তু কাঠৰ দলং নাথাকে অসমত। পথাৰৰ মাজত জুৰি এটা পাৰ হ’বলৈ বাঁহৰ দলং সমূহ থাকিবই লাগিব।” মন্ত্ৰীজনে এইদৰে কয়।