নামদাঙত চোৰে লুটি নিলে ছয় লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ, নগদ ধন

robos-en-domicilios

প্ৰতিনিধিত্বমূলক ফটো

জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঐতিহাসিক নামদাং শিলৰ সাকোঁৰ সমীপৰ্ৱতী মুহিকান্ত দাস নামৰ শিক্ষক গৰাকীৰ ঘৰত কালি সন্ধিয়া প্ৰায় ছয় মান বজাত সংঘটিত হয় এক বৃহৎ চুৰি কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে ঘৰৰ মূল লোৰ গেটৰ তলাৰ লগতে দুটাকৈ গডৰেজৰ তলা ভাঙি প্ৰায় ছয় লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ আৰু নগদ ধন লুটি লৈ যায়।

ভুক্তভোগী শিক্ষকগৰাকীয়ে জনোৱা মতে নিজ কন্যাৰ উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে তেওঁলোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গৈছিল। কিন্ত সন্ধিয়া ঘৰলৈ ঘূৰি আহি ঘৰৰ মূল দৰ্জাৰ লগতে গডৰেজৰ তলা ভঙা অৱস্থাত দেখা পায়। তেওঁলোকে বস্তু- বাহানি বোৰ সিচঁৰিত হৈ পৰি থকা দেখা পাই ততালিকে জয়সাগৰ আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে শিক্ষকগৰাকীৰ ঘৰত ভাড়াতীয়া হিচাবে প্ৰায় দুবছৰৰ পৰা থকা এয়াৰটেল দুৰসংযোগ বিভাগত কৰ্মৰত তিনিজনকৈ কৰ্মচাৰী ক্ৰমে বিশ্বজিৎ কায়স্থ ,জানমণি বৰা, আৰু সুৰজিৎ সৰকাৰক সোধপোছৰ বাবে আটক কৰে।

আনহাতে,আৰক্ষীয়ে তদন্ত চলাই থকাৰ মাজতে স্থানীয় তথা জিলা আছুৰ সাংগঠনিক সম্পাদক দেবব্ৰত দাসক বিনা কাৰণত আটক কৰা ঘটনাই স্থানীয় ৰাইজক ক্ষোভিত কৰি তুলিছে।

জানিব পৰা মতে অঞ্চলটোত হৈ থকা ধাৰাবাহিক চুৰি কাণ্ডৰ বাবে আৰক্ষী দলটোক প্ৰশ্ন কৰাৰ অজুহাতত নেতাজনক আটক কৰি নিয়া ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে চোৰৰ দলক আটক কৰিব নোৱাৰা আৰক্ষীক শীঘ্ৰে নিৰ্দোষী যুৱকজনক মুকলি কৰি দিবলৈ ৰাইজে দাবী জনাইছে।

দীৰ্ঘদিনৰে পৰা শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত এটাৰ পিছত আন এটা চুৰি কাণ্ড সংঘটিত হৈ আহিছে। চোৰৰ দলক নিয়ন্ত্ৰণ কৰাত শিৱসাগৰ আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে। ফলস্বৰূপে জনসাধাৰণে অতি কষ্টৰে অৰ্জন কৰা সম্পত্তি দুস্কৃতিকাৰীৰ হাতত হেৰুৱাবলগীয়া হৈছে।

জিলাখনৰ বিশেষকৈ গৌৰীসাগৰ থানা আৰু  জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত এলেকাসমূহত বিগত সময়ত ধাৰাবাহিকভাৱে সংঘটিত হৈ অহা চুৰিৰ ঘটনাত ৰাইজ অতিষ্ঠ হৈ পৰিছে।