নামনি সোৱণশিৰি প্ৰকল্প : নতুন বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ সেউজ ন্যায়াধীকৰণৰ

HydroElectricity-project-AP

সম্প্ৰতি নিৰ্মাণ কাৰ্য বন্ধ হৈ থকা গেৰুকামুখৰ নামনি সোৱণশিৰি প্ৰকল্প সম্পৰ্কত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে এক গুৰুত্ব পূৰ্ণ ৰায় প্ৰদান কৰিছে। বুধবাৰে নতুন দিল্লীৰ সেউজ ন্যায়াধীকৰণৰ মুখ্য বিচাৰপীঠত অনুষ্ঠিত হোৱা এক শুনানিত ন্যায়াধীকৰণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সকলো দিশ পৰীক্ষা কৰি চোৱাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ সৰ্বসন্মতি ক্ৰমে এখন বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ দিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি তুলাৰাম গগৈৰ ২৩/ ২০১৮ আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ ৩৪৬/২০১৩ শীৰ্ষক আৱেদনৰ ভিত্তিত ন্যায়াধীকৰণৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিচাৰপীঠত গোচৰটোৰ শুনানি গ্ৰহণ কৰি ভাৰপ্ৰাপ্ত অধ্যক্ষ ন্যায়াধীশ ড০ জাৱাদ ৰহিম, ন্যায়িক সদস্য ন্যায়াধীশ ৰাঘৱেন্দ্ৰ এছ ৰাথোৰ আৰু বিশেষজ্ঞ সদস্য ড০ সত্যবান সিং গাৰ্বিয়ালৰ বিচাৰপীঠে উক্ত গুৰুত্বপূৰ্ণ ৰায়টো প্ৰদান কৰে।

বিচাৰপীঠে নিৰ্দেশটোত লগতে পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে গঠন কৰা তিনিজনীয়া বিশেষজ্ঞ সমিতিখন স্বেচ্ছাই ভংগ কৰি এখন নিৰপেক্ষ বিশেষজ্ঞ সমিতি গঠনৰ দুই সপ্তাহ সময় দি পৰৱৰ্তী শুনানি অহা ৮ মে’ত ধাৰ্য কৰিছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ ১৬ অক্টোবৰত ন্যায়াধীকৰণে বিশেষজ্ঞ সমিতি গঠনৰ যি নিৰ্দেশ দিছিল তাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিখনৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল।

বিশেষজ্ঞ সমিতিৰ নিৰপেক্ষতাৰ সন্দৰ্ভত অভিযোগ উত্থাপন কৰি  তুলাৰাম গগৈ আৰু অভিজিৎ শৰ্মাই ন্যায়াধীকৰণত গোচৰ তৰিছিল আৰু সেই গোচৰৰ ভিত্তিতে ন্যায়াধীকৰণে নতুন বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ দিছে।

সেউজ ন্যায়াধীকৰণৰ এই ৰায়ক আদৰণি জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। শুনানিৰ সময়ত ন্যায়াধীকৰণত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু বিশিষ্ট শিক্ষাবিদ বসন্ত ডেকা উপস্থিত আছিল।