নামেৰি ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ বাহাদুৰ নামৰ এটা হাতীৰ মৃত্যু

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত তিনিমাহ ধৰি মৃত্যুৰে সংঘৰ্ষ কৰি থকা বাহদুৰ নামৰ এটা আঘাতপ্ৰাপ্ত দঁতাল হাতীৰ আজি মৃত্যু হয়।

তিনিমাহৰ আগতে বনৰীয়া হাতীৰ আক্ৰমণত বাহাদুৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ১৪ মাইল কেম্পৰ সমীপত বনৰীয়া হাতীৰ আক্ৰমণত বাহাদুৰে মূৰত গুৰুতৰভাৱে আঘাত পাইছিল। যোৱা তিনিমাহ ধৰি বশু চিকিৎসক সকলে আঘাতপ্ৰাপ্ত হাতীটোৰ চিকিৎসা চলাই আছিল।

সন্দেহ কৰা হৈছে যে মঙলবাৰে ৰাতিও দুৰ্ভগীয়া হাতীটোক এটা বাঘে আক্ৰমণ কৰিছিল। এই আক্ৰমণত হাতীটোৱে তাৰ শুৰত গুৰুতৰভাৱে আঘাত পাইছিল। কিন্তু মাত্ৰ ৪০ বছৰীয়া বাহাদুৰক বচাবলৈ কৰা সকলো প্ৰচেষ্টা অথলে গ’ল।

অসমৰ শোনিতপুৰ জিলৰা তেজপুৰৰ পৰা ৪০ কি. মি. নিলগত পূব হিমালয়ৰ পাদদেশত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। অৰুণাচল প্ৰদেশৰ পাখুই বনাঞ্চল উদ্যানখনৰ উত্তৰ পূব কোণত মিলিত হৈছে। অৰ্ধ চিৰসেউজ, বাঁহ বেত আৰু নদীৰ পাৰে পাৰে মুকলি ঘাঁহেৰে ভৰা এক হাজাৰ বৰ্গ কি. মি.ৰতকৈ অধিক অঞ্চল এই দুই বনাঞ্চলে জুৰি আছে। ৩০০ তকৈ অধিক প্ৰজাতিৰ চৰাই থকা নামেৰি চৰাইপ্ৰেমী সকলৰ স্বৰ্গ।

অঞ্চলটো জীয়া-ভৰলী আৰু ইয়াৰ বিভিন্ন উপনৈ দিজি, দিনাই, দৈগ্ৰোং, নামেৰি, দিকৰাই, খাৰি আদিৰ সংগমস্থল। চুবুৰীয়া বনাঞ্চল সমূহৰ সৈতে সংযুক্ত হৈ থকাটোৱে নামেৰিৰ বন্য জীৱনক বিকাশ হোৱাত সহায় কৰিছে। চম্বৰ, বাৰ্কিং ডিয়েৰ, হগ ডিয়েৰ, ৱাইল্ড ব’ৰ, গ’ৰৰ উপৰি প্ৰায় ৩০০০ ঘৰচীয়া জন্তুও উদ্যানখনৰ বাঘ, নাহৰফুটুকী আদিৰ বাবে চিকাৰৰ সম্বল।

ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে নামেৰি আৰু সোণাই ৰূপাইয়ে একমাত্ৰ সংৰক্ষিত অঞ্চল।