নামৰূপত দেওবাৰে নিশা মহিলা উপ-আৰক্ষী আধীক্ষক (আইন শৃংখলা)ৰ সুৰা বিৰোধী অভিযান

সুৰা

অলপতে যোৰহাটৰ ডি এছ পিয়ে সুৰা বিৰোধী অভিযান চলাই বহু সুৰা নষ্ট কৰাৰ পিছতে দেওবাৰে নিশা নামৰূপত কবিতা দাস নামৰ মহিলা উপ-আৰক্ষী আধীক্ষক (আইন শৃংখলা) গৰাকীয়ে সুৰা বিৰোধী অভিযান চলাই বহুতো অবৈধ সুৰা জব্দ কৰে।

উল্লেখযোগ্য যে স্থানীয় আৰক্ষী আৰু আবকাৰী বিভাগক মেনেজ কৰি দীৰ্ঘদিন ধৰি সুৰা ব্যৱসায়ী সকলে নামৰূপৰ দেইলি বজাৰ, দিল্লীঘাট আদি স্থানত মুকলিকৈ চলাই আহিছিল দেশী আৰু বিদেশী সুৰাৰ অবৈধ ব্যয়সায়। যাৰ ফলত অঞ্চলটোৰ সামাজিক পৰিৱেশ হোৱাৰ লগতে অঞ্চলটোত বৃদ্ধি পাইছিল বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ।

এই অবৈধ সুৰা ব্যৱসায়ৰ সন্দৰ্ভত বহু দিনৰে পৰা স্থানীয় ৰাইজ তথা দল-সংগঠনে স্থানীয় আৰক্ষীক অভিযোগ কৰি আহিছিল।

আনহাতে এই অভিযোগৰ ভিত্তিতে উপ-আৰক্ষী আধীক্ষক (আইন শৃংখলা) কবিতা দাসে অঞ্চলটোত অভিযান চলায়।

উপ-আৰক্ষী আধীক্ষক (আইন শৃংখলা) গৰাকীৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোৱে স্থানীয় কেইবাখনো হোটেল তথা দোকানত অভিযান চলাই মজুত কৰি থোৱা লক্ষাধিক টকা মূল্যৰ অবৈধ বিলাতী সুৰা জব্দ কৰাৰ লগতে এটা অবৈধ চুলাইৰ ঘাটিও ধ্বংস কৰে।

মনকৰিবলগীয়া যে নামৰূপ অঞ্চলত এটা বিয়াগোম আৰক্ষী বাহিনী থকাৰ পিছতো দীৰ্ঘ দিনৰে পৰা অঞ্চলটোত অবৈধ সুৰাৰ ব্যৱসায় চলি আহিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল।

ফলত সুৰা বিৰোধী অভিযান চলাবলৈ সুদূৰ ৭০ কিলোমিটাৰ দূৰৰ পৰা মহিলা আৰক্ষী বিষয়া গৰাকী আহিব লগীয়া হ’ল।

আনহাতে স্থানীয় আৰক্ষীয়ে এই সন্দৰ্ভত নীৰৱ ভূমিকা গ্ৰহণ কৰা ঘটনাই এই অবৈধ সুৰাৰ ঘাটি সমূহে আৰক্ষী আৰু আৱকাৰী বিভাগক মাহেকীয়া কমিছন দিয়া কথাকে প্ৰমাণ কৰিছে বুলি একাংশ সচেতন মহলে প্ৰকাশ কৰে।