NORTHEAST NOW (Assamese)

নাহিদ আফ্ৰিনৰ বিশ্বনাথৰ এক্সিচ বেংকৰ একাউণ্টৰ পৰা ৭ লাখ টকা হৰণলুকী

April 28, 2018 5:55 pm · এন ই নাও নিউজ
ফাইল ফটো

বিশ্বনাথৰ এক্সিচ বেংকৰ শাখা পৰিচালকজনে ২৬ এপ্ৰিলত আত্মহত্যাৰ কৰাৰ পিছতে ঘটনাৰ নতুন নতুন মোৰ পোহৰলৈ আহি আছে। শেহতীয়াকৈ জানিব পৰা মতে বিশ্বানাথৰ এক্সিচ বেংকৰ শাখাটোতে থকা অসমৰ সকলোৰে পৰিচিত গায়িকা নাহিদ আফ্ৰিনৰ একাউণ্টৰ পৰা ৭ লাখকৈ টকা হৰণলুকী হৈছে। এই হৰণলুকীৰ সৈতে শাখা পৰিচালকজনৰ আত্মহত্যাৰ ঘটনাৰ সম্পৰ্ক আছে বুলি সন্দেহ কৰা হৈছে। কেৱল সেয়াই নহয় বেংকটোৰ আন বহুতো গ্ৰাহকৰ একাউণ্টৰ পৰা ধন হৰণলুকী হোৱাৰ খবৰ পোৱা গৈছে।

নাহিদৰ একাউণ্টৰ পৰা ধন নোহোৱাৰ কথাটো নাহিদ আফ্ৰিনৰ দেউতাকে বেংকৰ শাখাটোত উপস্থিত হোৱাৰ পিছত জানিব পাৰে। নাহিদ আফ্ৰিনৰ দেউতাকে জনোৱা অনুসৰি তেওঁ বেংকটোৰ শাখা পৰিচালকজনে আত্মহত্যা কৰাৰ পিছত শাখাটোৰ বিভিন্ন গ্ৰাহকৰ জমা থকা ধন হৰণলুকী হোৱা বুলি জানিব পাৰি তেওঁ শাখাটোত উপস্থিত হৈছিল।

তেওঁ কয় যে তেওঁ বেংকটোত উপস্থিত হৈ অৱগত হয় যে কোনো অচিনাক্ত ব্যক্তিয়ে নাহিদ আফ্ৰিনৰ একাউণ্টৰ পৰা ৭ লাখ টকা তেওঁৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি ইয়াৰ পিছতে তেওঁ একাউণ্টৰ পৰা চেক যোগে এই ৭ লাখ টকা উলিয়াই নিয়ে।

উল্লেখযোগ্য যে যিখন চেকপাতৰ জৰিয়তে নাহিদ আফ্ৰিনৰ পিতৃৰ একাউণ্টৰ পৰা ৭ লাখ টকা উলিয়াই নিয়া হৈছিল সেইখন চেকপাত বৰ্তমানো নাহিদ আফ্ৰিনৰ পিতৃৰ হাতত অব্যৱহৃত ৰূপত আছে।

মন কৰিব লগীয়া কথাটো হ’ল যে উক্ত চেকপতাখন নাহিদৰ পিতৃৰ হাতত থকাৰ পিছতো কেনেদৰে তেওঁৰ একাউণ্টৰ পৰা সেই একেখন চেকপাতৰ জৰিয়তে ধন উলিয়াই নিলে সেইটো এক ৰহস্যৰ বিষয় হৈ পৰিছে। নিশ্চিতভাৱে এই কাৰ্যৰ লগত এক্সিচ বেংকৰ শাখাটোৰ কোনো বিষয়া জড়িত থাকিব বুলি নাহিদৰ পিতৃয়ে সন্দেহ প্ৰকাশ কৰিছে।

নাহিদৰ পিতৃয়ে লগতে অভিযোগ কৰে যে তেওঁ বেংক কৰ্তৃপক্ষক তেওঁৰ ম’বাইল নম্বৰ আপডেট কৰিবলৈ বাৰে বাৰে অনুৰোধ জনাই অহা সত্বেও সেয়া কৰা নাছিল, যাৰ বাবে একাউণ্টৰ পৰা টকা উঠাই নিয়া সত্বেও তেওঁ গম পোৱা নাছিল।

আনহাতে শাখাটোৰ আন আন গ্ৰাহক সকলেও একেই ঘটনাৰ সন্মুখীন হ’ব লগা হৈছে। আৰু তেওঁলোকে এই কাৰ্যৰ লগত বেংকটোৰ বহু বিষয়া-কৰ্মতাৰী জড়িত থকা বুলি সন্দেহ প্ৰাকশ কৰাৰ লগতে আত্মহত্যা কৰা শাখাটোৰ বেংক পৰিচালকজনে এই কাৰ্যত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে।

যিহেতু শাখাটোৰ পৰিচালকজনে আত্মহত্যা কৰাৰ পিছত আৰক্ষীয়ে কোনো ধৰণৰ চুইচাইড নোট উদ্ধাৰ কৰা নাছিল আৰু লগতে তেওঁৰ ভাৰাতীয়া ৰূমৰ পৰা ৪ লাখকৈ টকা নগদ টকা উদ্ধাৰ কৰিছিল।

 

Related News