নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত হাতে হাতে প্লে-কাৰ্ড লৈ ওলাই আহিল চলচ্চিত্ৰ শিল্পীসমাজ

Film Artist Protest against rape

ৰাজ্যত দৈনিক বৃদ্ধি পাই অহা ধৰ্ষণৰ ঘটনাই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে। মহিলাসকলক নিৰাপত্তা প্ৰদানৰ দাবীত তথা ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদানৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ-আন্দোলন হৈ থকাৰ সমান্তৰালকৈ আজি চলচ্চিত্ৰ জগতৰ শিল্পীসমাজেও ধৰ্ষণকাৰীৰ বিৰুদ্ধে তথা মহিলাসকলক নিৰাপত্তা প্ৰদানৰ দাবীত সমদল উলিয়াই।

আজি মহানগৰীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰৰ পৰা চলচ্চিত্ৰ শিল্পীসমাজে নাৰীসকলক নিৰাপত্তা প্ৰদানৰ দাবীত এক প্ৰতিবাদী সমদল উলিওৱা দেখিবলৈ পোৱা যায়।

এই প্ৰতিবাদী সমদলত অসমৰ বহুকেইগৰাকী আগশাৰীৰ অভিনেতা-অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰি ধৰ্ষণকাৰীসকলক একেমুখে গৰিহনা দিয়াৰ লগতে নাৰীসকলক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰক কঠোৰ আইন প্ৰণয়ন কৰাৰ বাবে আহ্বান জনায়।

সমদলটোত অংশগ্ৰহণ কৰা বৰ্ষাৰাণী বিষয়াই সংবাদ মাধ্যমক কয় ‘আমি এনেকুৱা এখন আইন বিচাৰিছো যাতে ভবিষ্যতে আমাৰ লগত এনেকুৱাধৰণৰ কাণ্ডবোৰ নহওঁক। বৰ্তমান পৰিস্থিতিত নাৰীসকলে সম অধিকাৰৰ কথা চিঞঁৰি থাকিলেও তেওঁলোকৰ যেন জীয়াই থকাৰ অধিকাৰই নাইকিয়া হৈ গৈছে।‘

ইয়াৰোপৰি এই প্ৰতিবাদী ৰেলীত অংশগ্ৰহণ কৰা চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা দীপক কুমাৰ ৰয়ে সংবাদ মাধ্যমক ক্ষোভ উজাৰি কয়, ‘এনেধৰণৰ অপৰাধীক কৰায়ত্ত কৰাৰ লগে লগে চৰকাৰে বিবেচনা কৰি চৰম শাস্তি প্ৰদান কৰিব লাগে। দুবছৰ অথবা ছবছৰ অপৰাধীক কাৰাগাৰত ৰাখি পুনৰ আকৌ মুকলি আকাশৰ তললৈ ওলাই অহাৰ সুযোগ দিব নালাগে।’

চলচ্চিত্ৰজগতৰ শিল্পীসকলে ধৰ্ষণকাৰীৰ ওপৰত ফাৰ্ষ্টট্ৰেক আদালত ব্যৱস্থাগ্ৰহণ কৰিবলৈ আহ্বান জনাই এখন চিঠি লিখি তাত ৰাইজৰ স্বাক্ষৰ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰিব বুলি অভিনেত্ৰী আইমী বৰুৱাই জানিবলৈ দিয়ে।

আনহাতে নিশিতা গোস্বামীয়ে কয়, ‘অপৰাধীক যদি চৰকাৰৰ কঠোৰ শাস্তি প্ৰদান কৰাৰ সাহস নাই তেন্তে ৰাইজৰ হাতত ধৰ্ষণকাৰীক গতাই দিব লাগে। আমি চলচ্চিত্ৰজগতৰ লোকসকল ওলাই আহিছো যাতে চৰকাৰ তথা প্ৰশাসনে ধৰ্ষণকাৰীসকলক জেললৈ প্ৰেৰণ কৰি ফ্ৰী ভাত নুখুৱাই পোনপটীয়াকৈ ফাঁচি দিয়াৰ ব্যৱস্থা কৰে।’

অভিনয় ক্ষেত্ৰৰ সৈতে জড়িত প্ৰায় ৩ শতাধিক লোকে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি ধৰ্ষণকাৰীক চৰম শাস্তি প্ৰদানৰ দাবী তোলে।