নাৰীৰ ওপৰত হোৱা বৰ্ধিত অপৰাধৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল হোজাইৰ নীলবাগানৰ কেইবাশও লোক

যৌন নিৰ্যাতন

হোজাই জিলাৰ নীলবাগানৰ কেইবাশও যুৱক-যুৱতী আজি সন্ধিয়া দেশত মহিলাৰ ওপৰত বৰ্ধিত অপৰাধৰ প্ৰতিবাদ জনাবলৈ ৰাজপথলৈ ওলাই আহিল।

প্ৰতিবাদী যুৱক-যুৱতীসকলে নীলবাগান আদৰ্শ চিকিৎসালয়ৰ পৰা নীলবাগান তিনি আলিলৈ শোভাযাত্ৰা কৰি যায়। হাতে হাতে তেওঁলোকৰ মমবাতি আৰু বিভিন্ন শ্ল’গান লিখা প্লেকাৰ্ড দেখা গৈছিল।

দোষীক শাস্তি দিয়ক, বলাৎকাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিয়ক আদি শ্ল’গান দিয়ে প্ৰতিবাদকাৰীসকলে।

উল্লেখযোগ্য যে যোৱা কেইটামান মাহত অতি উদ্বেগজনক হাৰত বৃদ্ধি পাইছে নাৰীৰ ওপৰত নিৰ্য্যাতন। বিশেষকৈ বলাৎকাৰৰ ঘটনা মহামাৰীৰ দৰে হৈ পৰিছে ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে। যোৱা ২৩ মাৰ্চত নগাওঁ জিলাৰ বটদ্ৰৱাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি জ্বলাই দিয়াৰ ঘটনাই সমগ্ৰ ৰাজ্যকে তীব্ৰভাৱে জোকাৰি গৈছিল।

আনহাতে জম্মু-কাশ্মীৰত জানুৱাৰি মাহত এজনী ৮ বছৰীয়া ছোৱালীক মন্দিৰৰ ভিতৰত গণধৰ্ষণ কৰি হত্যা কৰা হৈছিল।

গোটেই দেশতে ধৰ্ষণ আৰু নাৰীজনিত অপৰাধৰ হাৰ তীব্ৰভাৱে ঊৰ্ধ্বমুখী হোৱা দেখা গৈছে।