নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ফৰকাটিঙত এ আই এছ এফ আৰু প্ৰগতি  মহিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

AISF_2

নিখিল ভাৰত ছাত্ৰ ফেডাৰেইশ্যনৰ ফৰকাটিং আঞ্চলিক সমিতি আৰু প্ৰগতি মহিলা সমিতিয়ে আজি ফৰকাটিং চাৰি আলিৰ পৰা ফৰকাটিং জংচনলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে। ৰাজ্যখনত বৰ্ধিত নাৰী নিৰ্য্যাতনৰ বিৰুদ্ধে তেওঁলোকে এই প্ৰতিবাদী কাৰ্য্যসূচী লোৱা বুলি জানিবলৈ দিছে।

তেওঁলোকে অভিযোগ কৰে যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে মহিলা সবলীকৰণ কথা কয় যদিও, কেন্দ্ৰীয় চৰকাৰে “বেটী বচাও, বেটী পঢ়াও” শ্ল’গান দিয়ে যদিও সেয়া মাথোঁ কাগজে-কলমে, প্ৰচাৰ মাধ্যমতহে আছে‍; কাৰ্যক্ষেত্ৰত নাই। এই চৰকাৰেই ৰাজ্যৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰি দিবলৈ লৈছিল। বিধানসভাৰ হস্তক্ষেপত বিশ্ববিদ্যালয়খন ৰক্ষা পৰিল।

আনহাতে ৰাজ্যখনত দৈনিক নাৰী নিৰ্যাতন, ধৰ্ষণৰ দৰে ঘটনা পাইকাৰী হাৰত বৃদ্ধি পাইছে। এই দুয়োটা বিষয়তে চৰকাৰে তাৎক্ষণিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে।

গ্ৰামীণ মহিলা সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা নিখিল ভাৰত ছাত্ৰ ফেডাৰেইশ্যন আৰু ফৰকাটিং প্ৰগতি মহিলা সমিতিয়ে অতি শীঘ্ৰে অসম মহিলা বিশ্ববিদ্যালয়ত এগৰাকী স্থায়ী উপাচাৰ্য নিযুক্তি দিয়া, বিশ্ববিদ্যালয়খনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি শীঘ্ৰে উন্নীত কৰি পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ মৰ্যদা দিয়া, নাৰী নিৰ্যাতন ৰোধ কৰিব বাবে তাৎক্ষণিকভাৱে ল’ব পৰা কাৰ্যকৰী নিৰাপত্তা ব্যৱস্থা প্ৰৱৰ্তন কৰা, নিৰ্যাতনকাৰী তাৎক্ষণিক শাস্তিৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা আদি কৰি কেইবাটাও দাবী তোলে।

প্ৰতিবাদী কাৰ্যসূচীটোত এ আই এছ এফৰ আঞ্চলিক সভাপতি মুজাকিৰ হুছেইন, সম্পাদক বিতোপন হাজৰিকা আৰু উপ সভাপতি ৰাহুল বুঢ়াগোঁহাইৰ নেতৃত্বত দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। আনহাতে কাৰ্যসূচীটোত এ আই এছ এফৰ গোলাঘাট জিলা সভাপতি যদু বৰা, সম্পাদক অভিজিৎ দুৱৰা, উপ সভাপতি অভিলাষ নেওগ, মহিলা সমিতি আৰু মহিলা সংঘৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিছিল।