NORTHEAST NOW (Assamese)

নাৰী নিৰ্য্যাতনৰ অভিযোগত যোৰহাটত এজনক কাৰাগাৰলৈ প্ৰেৰণ

April 25, 2018 7:46 pm · দেৱজিত বৰুৱা
প্ৰতিনিধিত্বমূলক ছবি

অসমৰ লগতে দেশজুৰি নাৰী নিৰ্য্যাতনৰ ঘটনাই মহামাৰীৰ ৰূপ লোৱাৰ লোৱাৰ পৰতে যোৰহাটত এগৰাকী নাৰীক যৌন নিৰ্য্যাতন কৰাৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৰূপম দাস (৪৭ বছৰীয়া) নামৰ এজন লোকক। দাস অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট সমিতিৰ সদস্য বুলি জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰই জনোৱা মতে অভিযোগকাৰীয়ে যোৰহাট সদৰ থানাত দাখিল কৰা ৮৯৭/ ২০১৮ নং এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬, ৩৬৬, ১২০ (বি) আৰু ৪২০ ধাৰাৰ অধীনত আৰক্ষীয়ে দাসক গ্ৰেপ্তাৰ কৰে।

যোৰহাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি ২৫ এপ্ৰিলত হাজিৰ কৰোৱাৰ পিছত তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

Related News