নাৰী শক্তি আমাৰ লগত থাকিলে ‘অগপ’ক কোনেও ৰোধ কৰিব নোৱাৰে : মন্ত্ৰী ফণীভূষণ চৌধুৰী

Asom_Parishad6

প্ৰতিনিধিত্বমূলক চিত্ৰ

‘আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলেই খেলিম আৰু ইয়াৰ বাবে আমি সাজু। আজিৰ এই মহিলা সমাৰোহ খনত এনেদৰে স্বতঃস্ফুৰ্তভাৱে মহিলাসকল ওলাই অহাটোৱে ইংগিত বহন কৰিছে যে অসমত বিজেপিৰ স্থিতি কি। এনেদৰে যদি নাৰী সমাজ আমাৰ লগত থাকে তেতিয়া হ’লে পৃথিৱীৰ কোনো শক্তিয়ে আমাক ৰোধ কৰিব নোৱাৰে’। এই মন্তব্য অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ।

দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰভোগত এখন মহিলা সমাৰোহত অংশগ্ৰহণ কৰি ৰাজ্যৰ অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এইদৰে মন্তব্য কৰা দেখা যায়।

উল্লেখ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ ভেটি মজবুত কৰাৰ উদ্দেশ্যেই অগপৰ সৰভোগ সমষ্টিৰ উদ্যোগত সৰভোগৰ গান্ধী ভৱন প্ৰাংগণত এই বিশাল মহিলা সমাৰোহখন অনুষ্ঠিত হয়। সমাৰোহত মহিলাৰ উপস্থিতি দেখি আপ্লুত হৈ পৰা মন্ত্ৰী চৌধুৰীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সমষ্টিত এইদৰে ওলাই অহা মহিলাসকলে প্ৰমাণ কৰি দিয়ে যে আচলতে সমষ্টিটোত উন্নয়নৰ নমুনা।

ইয়াৰ উপৰি তেওঁ কয় যে আমি এশ শতাংশই নিশ্চিত যে পঞ্চায়ত নিৰ্বাচনত সৰভোগ সমষ্টিৰ প্ৰায়বোৰ পঞ্চায়তে আমি দখল কৰিবলৈ সক্ষম হম।

আনহাতে বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসেও দলৰ কাৰ্যকলাপৰ বিষয়ে বিস্তৃত ৰূপত ব্যাখ্যা কৰাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত জাতিৰ স্বাৰ্থত অগপক ভোট দি অসমখনক বচাবলৈ আহ্বান জনায়।

বিশাল মহিলা সমাৰোহখনত বৰপেটা জিলা মহিলা সমিতিৰ সভানেত্ৰী সীতা বৰ্মন, মহিলা সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী বৰদা কলিতা, সংগঠনটোৰ কেন্দ্ৰীয় সদস্য পুলিন দাসৰ লগতে জিলাখনৰ বিভিন্ন শীৰ্ষ পৰ্যায়ৰ নেতৃবৃন্দ উপস্থিত থাকে।