ৰাম মাধৱ সম্পৰ্কত আপত্তিজনক বাতৰি দিয়া নিউজ প’ৰ্টেলৰ বিৰুদ্ধে নাগালেণ্ড বিজেপিৰ গোচৰ

আজি নাগালেণ্ড বিজেপিয়ে দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ সম্পৰ্কত এটা আপত্তিকৰ বাতৰি পৰিৱেশন কৰা বাবে এটা নিউজ প’ৰ্টেলৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ কাষ চাপে।

নাগালেণ্ড বিজেপিৰ সাধাৰণ সম্পাদক জাংচিলাং গনমেই ডিমাপুৰৰ ইষ্ট পুলিচ ষ্টেইশ্যনত নাগালেণ্ডৰ পৰা প্ৰকাশ তথা প্ৰচাৰিত The News Joint নামৰ নিউজ প’ৰ্টেলটোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা বুলি এটা সূত্ৰই জানিবলৈ দিছে।

উল্লেখযোগ্য যে কালি এই প’ৰ্টেলটোত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকজনৰ বিষয়ে এইদৰে বাতৰি ওলাইছিল যে তেওঁক এখন হোটেলত দুগৰাকী নাগা মহিলাৰ সৈতে এন এছ চি এনে অসংযত অৱস্থাত হাতে-লোটে ধৰা পেলায় আৰু নাগা সমস্যা সমাধান নকৰালৈকে নিৰ্বাচন বন্ধ নাৰাখিলে তেওঁৰ এই ভিডিঅ’টো প্ৰকাশ কৰি দিয়া হ’ব বুলি সংগঠনটোৱে ৰাম মাধৱক ভাবুকি দিয়ে। ‘Has Ram Madhav Landed BJP in Trouble in Nagaland—on February 11 which claimed that Madhab was caught in a compromising situation with two women in a hotel in Dimapur.’

উল্লেখযোগ্য যে নিউজ প’ৰ্টেলটোৰ এই বাতৰিটো বনজুইৰ দৰে বিয়পি পৰে আৰু ছ’চিয়েল মিডিয়াত ই ভাইৰেল হৈ পৰে। অৱশ্যে ছ’চিয়েল মিডিয়াত বেছিভাগ বাতৰিটোৰ সামান্য অংশৰ সৈতে প’ৰ্টেলটোৰ স্ক্ৰীন শ্বটহে দেখা পোৱা যায়। ইয়াত থকা লিংকটো খোলা অৱস্থাত নাছিল বা কোনো প্ৰমাণযোগ্য তথ্যও পোৱা নগৈছিল।

‘উক্ত বাতৰিটো সম্পূৰ্ণৰূপে মিছা আৰু  আমাৰ সাধাৰণ সম্পাদক ৰাম মাধৱৰ চৰিত্ৰ হননৰ লগতে ভাবমূৰ্তি নষ্ট আৰু ৰাজ্যখনৰ অহা ২৭ তাৰিখৰ নিৰ্বাচনৰ বাবে দলৰ সফল নিৰ্বাচনী অভিযানৰ বিৰুদ্ধে এটা বিদ্বেষপূৰ্ণ কাৰ্য্য।’ এইদৰে কোৱা হয় অভিযোগনামাত। অভিযোগনামাখনত গনমেই কয় যে তেনে কোনো ঘটনা ঘটাৰ প্ৰমাণ নাই।

আনহাতে অসমৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত এটা টুইটত কয়, ‘ৰামমাধৱজীৰ বিষয়ে এনে সম্পূৰ্ণ মিছা আৰু নিৰ্লজ্জ প্ৰচাৰত স্তম্ভিত হৈছো। আমি এনে ৰুচিহীন মিছা দাবী প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছো।’ তেওঁ টুইটত চাইবাৰ ক্ৰাইম বিভাগৰ কাষ চপা বুলিও কয়। এই কাৰ্য্যত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথাও তেওঁ কয়।

জানিব পৰামতে the news joint.com যোৱা ২ ফেব্ৰুৱাৰি, ২০০৮ ত প্ৰতিষ্ঠা কৰা হৈছিল।