• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি বাণেশ্বৰ বসুমতাৰীৰ দেহাৱসান

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 9, 2017 10:06 am
নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি বাণেশ্বৰ বসুমতাৰীৰ দেহাৱসান
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, বড়ো সাহিত্যসভাৰ ৰোমান লিপি আন্দোলনৰ সময়ৰ প্ৰতিষ্ঠাপক সম্পাদক, সাহিত্যিক, সমাজকৰ্মী, শিক্ষক তথা বাক্সা জিলাৰ ককলাবাৰী গাওঁ নিবাসী বাণেশ্বৰ বসুমতাৰীৰ কালি ৰাতিপুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। পৰিয়ালৰ লোকে জানিব দিয়া মতে বিশিষ্ট বুদ্ধিজীৱী গৰাকী দীৰ্ঘদিন ধৰি এলজেইমাৰ ৰোগত ভুগি আছিল। আৰু অৱশেষত কালি নিয়তিৰ ওচৰত হাৰ মানি বসুমতাৰীয়ে মৃত্যুক আকেৱালি লয়। ১৯৪২ চনত জন্মগ্ৰহন কৰা বসুমতাৰীৰ মৃত্যুৰ সময়ত বয়স ৭৫ বছৰ হৈছিল। তেওঁ ১৯৬৭ চনত সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৃতিত্বৰে ২০০০ চনত অৱসৰ গ্ৰহন কৰে। বসুমতাৰীৰ সাহিত্য ক্ষেত্ৰখনলৈ যুগুতোৱা অৱদানও যথেষ্ট উল্লেখনীয়। তেওঁৰ সৃষ্টিৰাজি কালত সৃষ্টি কৰা কবিতা পুথি ‘জাগ্নিবান’, ‘ডিমাপুৰ’ চুটিগল্প সংকলন ‘অননাই’ সাহিত্য জগতত বিশেষ সমাদৰ লাভ কৰিছিল। ইয়াৰোপৰি তেওঁ বিভিন্ন বিষয়ক প্ৰৱন্ধ বড়ো আৰু ইংৰাজী ভাষাত স্মৃতিগ্ৰন্থ, আলোচনী আদিত লিখি থৈ গৈছে। উল্লেখ্য যে তেওঁ অসুস্থ হোৱাৰ আগলৈকে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয় ভাবে জড়িত হৈ আছিল। । মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বাসগৃহত দল-সংগঠন, আত্মীয়-কুটুম্ব তথা বহুতো গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, এবছুৰ সম্পাদক লৰেন্স ইছলাৰী, চিৰাং আৰু বাক্সা জিলাৰ এবছুৰ নেতৃবৃন্দ, সদৌ বাথৌ মহাসভাৰ উপসভাপতি লোহিত দৈমাৰী, স্থানীয় বিধায়ক থানেশ্বৰ বসুমতাৰী প্ৰমুখ্যে বিভিন্ন দল- সংগঠনৰ নেতা সকলে বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী গৰাকীৰ মৃতদেহত পুষ্পমাল্য প্ৰদান কৰি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। বসুমতাৰীৰ অৱদানৰ কথা দোহাৰি তেওঁ  এক শোক বাৰ্তাৰ জৰিয়তে সাহিত্যিক গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।  বসুমতাৰীৰ নশ্বৰ দেহ আজি ১০ বজাত ৰাজহুৱা ভাবে শেষকৃত্য কৰা হব বুলি জানিবলৈ দিয়ে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰৰ লগতে তিনি গৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায়।

আনহাতে এবছুৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীৰ মৃত্যুত এবছুৰ নেতৃত্বই গভীৰ শোক প্ৰকাশ কৰিছে। এক বিবৃতে যোগে এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে প্ৰতিষ্ঠাপক সভাপতি গৰাকীৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি দুখ প্ৰকাশ কৰে। লগতে কয় যে প্ৰতিষ্ঠাপক সভাপতি গৰাকীলৈ সন্মান প্ৰদৰ্শন কৰি এবছুয়ে প্ৰতিখন জিলা, মহকুমা, আঞ্চলিক শাখা সমিতিৰ কাৰ্যালয়ত  এবছুৰ পতাকা তিনিদিনলৈ অৰ্ধনিমিত কৰি ৰাখিব। আনহাতে প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্মই বিশিষ্ট বুদ্ধিজীৱী জনৰ মৃত্যুৱে এবছুৰ ইতিহাসত এটা যুগৰ পৰিসমাপ্তি ঘটিল বুলি অভিহিত কৰে।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd