নিখিল ভাৰত কৃষক সভাৰ ১৯ জানুৱাৰীৰ প্ৰতিবাদ দিৱসৰ কাৰ্যসূচীৰ বাবে সাজু বৰপেটা জিলা সমিতি

ভাল দিন আৰু পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাৰ গাদীত বহা বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত অহা ১৯ জানুৱাৰীত দেশজুৰি প্ৰতিবাদ দিৱস পালন কৰিব নিখিল ভাৰত কৃষক সভাই।

নিখিল ভাৰত কৃষক সভাৰ বৰপেটা জিলা সমিতিৰ সম্পাদক আজিজুৰ ৰহমানে বিবৃতিৰ জৰিয়তে সংবাদমাধ্যমক জনায় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, কৃষকৰ ঋণ ৰেহাই, কৃষকৰ ফচলৰ লাভজনক দাম নিৰ্দ্ধাৰণ, কৃষি উৎপাদন বৃদ্ধি, কৰ্মহীন লোকসকলৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰা আদি প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে।

কেন্দ্ৰৰ বিজেপি চৰকাৰে প্ৰায় চাৰিবছৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে প্ৰায় দুবছৰ শাসনত ঔষধ-পাতি, ৰন্ধন গেছ, কেৰ’চিন, বিদ্যুতৰ মাচুল আৰু অন্যান্য সামগ্ৰীৰ লেকামহীন মূল্যবৃদ্ধিয়ে পূৰ্বৰ সকলো ৰেকৰ্ড অতিক্ৰম কৰা বুলি বিবৃতিটোত উল্লেখ কৰে।

চৰকাৰৰ কৃষি আৰু কৃষকৰ স্বাৰ্থ বিৰোধী নীতিৰ পৰিণতি হিচাপে কৃষি সম্পদ ক্ৰমে গভীৰ হোৱাৰ লগতে কৃষি উৎপাদন বৃদ্ধিৰ হাৰ যথেষ্ট হ্ৰাস হোৱাৰ ফলত কৃষকসকল ঋণগ্ৰস্ততাৰ সন্মুখীন হ’বলৈ বাধ্য হৈছে। উৎপাদিত ফচলৰ লাভজনক দাম নোপোৱাত ঋণগ্ৰস্ত কৃষকৰ আত্মহত্যা ক্ৰমাগতভাৱে বৃদ্ধি হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ কৃষকৰ ওপৰত মাধমাৰ শোধোৱা বুলি বিবৃতিটোত উল্লেখ কৰে।

১৯৮০ চনৰ ১৯ জানুৱাৰীত তামিলনাডুত পুলিচৰ গুলীত দহজন শ্ৰমিক নিহত হোৱা ঘটনাৰ স্মৃতিত পালন কৰি অহা শ্ৰমিক-কৃষক মৈত্ৰী দিৱসটো এইবছৰৰ ১৯ জানুৱাৰীত দেশজুৰি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত কৃষি শ্ৰমিক ইউনিয়ন আৰু চেণ্টাৰ অব্ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন চমুকৈ চিটুৱে।

উক্ত দিৱসৰ লগত সংগতি ৰাখি বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত অহা ১৯ জানুৱাৰীত দেশজুৰি প্ৰতিবাদ দিৱস পালন কৰিব বুলি বিবৃতিটোত উল্লেখ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে উক্ত দিনা বৰপেটা জিলাৰ এঘাৰটা স্থান ক্ৰমে বৰপেটাৰ কেওঁটকুছি, মন্দিয়া, কলগাছিয়া, বৰনগৰ, গোবৰ্দ্ধনা, সৰুপেটা, পাটাছাৰকুছি, পাকাবেতবাৰী, চেঙা, গোমাফুলবাৰী আৰু সৰুক্ষেত্ৰীত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিব।