• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিখিল ৰাভা সাহিত্য সভাৰ ৩৪ তম অধিৱেশনত মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2017 9:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ওদালগুৰি জিলাৰ টংলাত অনুষ্ঠিত নিখিল ৰাভা সাহিত্য সভাৰ ৩৪ তম অধিৱেশনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অধিৱেশনখনৰ আজিৰ মুকলি সভাত পৌৰোহিত্য কৰে নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচে।

মুখ্য অতিথিৰ ভাষণত মুখ্য মন্ত্ৰী গৰাকীয়ে কয়, ‘বৰ্ণিল সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰাৰে ৰাভা সকল অসমৰ গুৰুত্বপূৰ্ণ সম্প্ৰদায়। ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায় আৰু জনগোষ্ঠীৰ লেখীয়াকৈ ৰাভা সকলেও ৰাজ্যৰ সাংস্কৃতিক জগতখন অধিক উৰ্বৰ কৰি তুলিছে। বিভিন্ন জনগোষ্ঠীৰ সহাৱস্থানেই হ’ল ৰাজ্যখনৰ মূল শক্তি। নিখিল ৰাভা সাহিত্য সভাৰ অধিৱেশন সদায়ে এক গুৰুত্বপূৰ্ণ অধিৱেশন হিচাপে চিহ্নিত হৈ থাকিব কিয়নো ইয়াৰ জৰিয়তে মানৱতাবাদ, ভ্ৰাতৃত্ববোধ আৰু সংহতিৰ বাৰ্তাই সকলোকে উৎসাহিত কৰে। ৰাভা জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াই যাব।’

অসমৰ জাতীয় সত্ত্বালৈ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই আগবঢ়োৱা অনবদ্য অৱদানক সুঁৱৰি মুখ্য মন্ত্ৰীয়ে কয় যে বিষ্ণু প্ৰসাদ ৰাভাই অসমৰ জাতীয় জীৱনলৈ অসামান্য অৱদান আগবঢ়োৱাৰ উপৰি ৰাভা জনগোষ্ঠীৰ সক্ষমতা আৰু সম্ভাৱনীয়তাক বিশ্ব দৰবাৰত উপস্থাপন কৰিবলৈ সক্ষম হৈছিল। অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বিৰুবালা ৰাভাই আগবঢ়োৱা অৱদানৰ কথাও মুখ্য মন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

ৰাভা জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক চৰকাৰে লোৱা দক্ষতা বিকাশৰ পদক্ষেপ সমূহৰ সুবিধা গ্ৰহণ কৰি প্ৰতিযোগিতামুখী কৰ্ম পথাৰত যোগ্যতা সহকাৰে নিজৰ উপস্থিতি প্ৰতিপন্ন কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়। দক্ষতা বিকাশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চিংগাপুৰ চৰকাৰৰ সৈতে এখন বুজাবুজি চুক্তি ইতিমধ্যে স্বাক্ষৰ কৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে দৰং জিলাত অতি শীঘ্ৰে এখন বিশ্বমানৰ দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে। ৰাভা জনগোষ্ঠীৰ সমস্যা সমূহ আলোচনা কৰাৰ বাবে তেওঁ অলপতে নিখিল ৰাভা সাহিত্য সভা আৰু জনগোষ্ঠীটো অন্য সংগঠনৰ সৈতে ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ উপস্থিতি এক আলোচনাত মিলিত হ’ব বুলি মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰে।

ড০ মলিনা দেৱী ৰাভাই মুকলি কৰা আজিৰ মুকলি অধিৱেশনত খাদ্য, অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী তথা অধিৱেশনখনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ৰিহন দৈমাৰি, ৰাজ্য সভাৰ সাংসদ শান্তিয়াজ কুজুৰ, ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, বিধায়কসকল ক্ৰমে কমলি বসুমতাৰী, দিপক ৰাভা, গুৰু জ্যোতি দাস, মহেশ্বৰ বড়ো, সদৌ অসম সংখ্যা লঘু পৰিষদৰ অধ্যক্ষ মমিনুল আৱাল, বি টি চিৰ কাৰ্যবাহী সদস্য বনজৰ দৈমাৰি, বি টি চিৰ স্পীকাৰ ত্ৰিদিপ দৈমাৰি, ওদালগুৰি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক প্ৰমুখ্যে অন্যান্য ব্যক্তি সকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd