নিজৰ আচৰণ সঠিক নাছিল বুলি কৈ ক্ষমা খুজিলে পাপনে : বিষয়টো ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগৰ বিবেচনাধীন হৈ আছে

Papon

ৰিয়েলিটি শ্ব’ এটাৰ শ্বুটিঙৰ সময়ত এজনী নাবালিকাক আপত্তিজনকভাৱে চুমা খাই তীব্ৰ বিতৰ্কৰ মাজত সোমাই পৰা পাপন অংগৰাগ মহন্তই আজি তেওঁৰ টুইটাৰত আপল’ড কৰা এটা টোকাৰ জৰিয়তে ক্ষমা বিচাৰিছে।

অৱশ্যে ক্ষমা বিচাৰিও তেওঁ নিজৰ আচৰণত কোনো অসৎ অভিপ্ৰায় নাছিল বুলি কৈ এয়া মাত্ৰ কেমেৰাৰ এংগলৰ বাবেহে হোৱা বুলি দাবী কৰে।

টোকাটোত তেওঁ কয় যে তেওঁৰ ১৪ বছৰৰো অধিক হোৱা এখন সংসাৰ আছে। দুটা সন্তান আছে। গতিকে এনেকুৱা অসৎ অভিপ্ৰায়ৰ কোনো মানে নাই। তেওঁ এজন মৰমিয়াল মানুহ আৰু তেনে পৰিৱেশতে তেওঁ ডাঙৰ হৈছে। তেওঁক ওচৰৰ পৰা যিমানে জানে তেওঁলোকে তেওঁৰ এই সৰলতা চিনি পায়। এই ছোৱালীজনীকো তেওঁ একেই সৰলতা আৰু মৰমৰ দৃষ্টিৰে ব্যৱহাৰ কৰিছিল।

লগতে তেওঁ কয় যে কোনো বেয়া অভিপ্ৰায় থকা হ’লে তেওঁ নিজৰ ফেচবুক পেইজত ভিডিঅ’টো লাইভ নকৰিলে হেঁতেন।

পাপনৰ টুইটাৰত থকা টোকাটো।

‘যি নহওক এয়া ক’ব নোৱাৰি যে মই ভুল কৰা নাই। মই এইটো কোনো অন্য মতলবৰ প্ৰণোদনত নকৰিব পাৰো, কিন্তু সাম্প্ৰতিক পৰিস্থিতিত, আপোনাৰ মন যিমানেই নিষ্কলুষ নহওক কিয়, এইটো বাঞ্ছনীয় (advisable) নহয়। মই ইয়াৰ বাবে দুঃখিত।’ নিজৰ টোকাটোত এইদৰে কয় পাপনে।

তেওঁ এজন দায়বদ্ধ নাগৰিক হিচাপে নাৰীৰ নিৰাপত্তা আৰু নাৰীৰ প্ৰতি সন্মানৰ বিষয়ক সৰ্বাধিক গুৰুত্ব দিয়ে বুলিও কয় টোকাটোত। গায়কজনে তেওঁক মূৰ্খ বুলি কয়, যি কয় কওক, কিন্তু অশালীন শব্দবোৰ প্ৰেৰণ নকৰিবলৈ আহ্বান জনায়। আনহাতে তেওঁ এই বিতৰ্কত দুয়োটা পৰিয়াল ধ্বংস হোৱা বুলিও অভিযোগ কৰে গায়কজনে।

উল্লেখযোগ্য যে যোৱা ২০ ফেব্ৰুৱাৰিত অসমৰ নৱ প্ৰজন্মৰ মাজত বেচ জনপ্ৰিয় গায়ক পাপন অংগৰাগ মহন্তই এটা ৰিয়েলিটি শ্ব’ৰ শ্বুটিঙৰ সময়ত শ্বুটিঙত ভাগ লৈ থকা শিশু শিল্পীসকলৰ মাজৰ এজনী নাবালিকাক জোৰ কৰি চুমা খোৱাৰ ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ইয়াকে লৈ বিভিন্ন মাধ্যম আৰু বিভিন্ন স্তৰত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগতে পাপনক চাৰিওফালৰ পৰা কঠোৰ সমালোচনা কৰা হয়।

আনহাতে পাপনৰ আচৰণ যৌন উৎপীড়নৰ সম পৰ্য্যায়ৰ বুলি দাবী কৰি উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা ৰুণা ভূঞাই The Protection of Children from Sexual Offences Act ৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই national commission for protection of child rights ৰ অধ্যক্ষলৈ অভিযোগপত্ৰ প্ৰেৰণ কৰিছিল।

আজি আয়োগৰ এটা সূত্ৰই জনোৱা মতে তেওঁলোকে পোৱা অভিযোগপত্ৰখন বিবেচনা কৰি আছে। দুই-এদিনতে এই সম্পৰ্কত স্থিতি প্ৰকাশ কৰা হ’ব।