NORTHEAST NOW (Assamese)

নিজৰ ১০ বছৰীয়া পুতেকক মৰিয়াই হত্যা কৰা নিষ্ঠুৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

June 25, 2018 10:53 pm · স্মিতা ভাট্টাচাৰ্য
প্ৰতিনিধিত্বমূলক ছবি

যোৰহাট জিলাৰ মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত চেলেং চাহ বাগানৰ ৭ নম্বৰ লাইনৰ নিবাসী ৰাজু গড় আৰু ববিতা গড়ক নিজৰে পুতেকক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। পিতৃ-মাতৃৰ প্ৰহাৰত নিহত শিশুটি লাওজান প্ৰাথমিক বিদ্যালয়ৰ পৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিল।

উল্লেখযোগ্য যে শনিবাৰে ৰাজু গড়ে নিজৰে কণমানি ১০ বছৰীয়া পুতেক অভিজিৎ গড়ক স্কুলৰ পৰা অহাৰ পিছতে লগে লগে লগৰ সমনীয়াৰ সৈতে ঘৰৰ এচৰৰ জাঁজী নৈত সাঁতুৰিবলৈ যোৱাৰ বাবে লাঠীৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে। তাৰোপৰি মাকেও অভিজিতক চেণ্ডেলেৰে প্ৰহাৰ কৰে।

আনহাতে পিতৃ-মাতৃৰ প্ৰহাৰত কণমানি শিশুটি অচেতন হৈ পৰাৰ লগতে তেজ বমি কৰিবলৈ ধৰাত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে আমগুৰি সামুহিক স্বাস্থ্য কেন্দ্ৰত শিশুটিক ভৰ্তি কৰে। কিন্তু স্বাস্থ্য কেন্দ্ৰত শিশুটিৰ অৱস্থা সংকটজনক হোৱাত লগে লগে যোৰহাট হস্পিতাললৈ প্ৰেৰণ কৰে।

কিন্তু দুৰ্ভাগ্যবশত কণমানি শিশুটিয়ে দেওবাৰে নিশা যোৰহাট হস্পিতালতে শেষ নিশ্বাস ত্যাগ কৰে।

আনহাতে মৰণোত্তৰ পৰীক্ষাৰ পৰা জানিব পৰা মতে পিতৃ-মাতৃৰ প্ৰহাৰত কণমানি শিশুটিয়ে যকৃত, বৃক্ক আৰু হাওঁফাওঁত গুৰুতৰভাৱে আঘাত পায়।

Related News