ভাৰতত, বিশেষকৈ কেৰালাত ত্ৰাসৰ সৃষ্টি কৰা নিপাহ ভাইৰাছ নামৰ ভাইৰাছবিধৰ বিষয়ে শেহতীয়াকৈ উত্তৰ-পূবত এটা দুষ্টচক্ৰই পৰিকল্পিত অপপ্ৰচাৰ চলাই মানুহক আতংকিত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। কিছু দিনৰ পূৰ্বে মেঘালয়ত এনেকুৱা ভাইৰাছ সৃষ্ট ৰোগৰ লক্ষণযুক্ত বহু সংখ্যক ৰোগী ইয়াৰ ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি এটা ভুৱা খবৰ প্ৰচাৰ হৈছিল। ভুৱা খবৰটোত বিশ্বাসযোগ্যতা বঢ়াবৰ বাবে উক্ত চিকিৎসালয়খনত কৰ্মৰত এজন চিকিৎসকৰ উদ্ধৃতিও দিয়া হৈছিল।
তাৰ পিছতে অনুৰূপ খবৰ প্ৰায় কেইবা ঠাইৰ পৰাও প্ৰচাৰ কৰে এই দুষ্টচক্ৰটোৱে।
আজি ক্ৰমে ডিব্ৰুগড়, তেজপুৰ আৰু নলবাৰীত এনেকুৱা ভাইৰাছজনিত ৰোগত আক্ৰান্ত বহুসংখ্যক ৰোগীত উক্ত চহৰবোৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি ভুৱা বাতৰি প্ৰচাৰ হোৱা দেখা গৈছে।
মন কৰিব লগীয়া যে প্ৰধানকৈ হোৱাটছ এপত ঘূৰি ফুৰা এই ভুৱা বাতৰিটোৰ মূল অংশটো একেই। অৰ্থাৎ ঠাই, চিকিৎসালয়, চিকিৎসক আদিৰ সামান্য সাল-সলনিৰ বাদে মূল কথাখিনি একেই আৰু আটাইবোৰতে লিচু খোৱাৰ ফলতে চিকিৎসাধীন লোকসকল আক্ৰান্ত হোৱা বুলি কোৱা হৈছে।
উল্লেখযোগ্য যে ঘাইকৈ বাদুলিৰ পৰা বিয়পা বুলি জ্ঞাত এই ভাইৰাছজনিত ৰোগে কেৰালাত ভালেমান লোকৰ প্ৰাণ লোৱা বাবে ইয়াৰ প্ৰতি সৰ্বসাধাৰণ লোক বিশেষভাৱে সংবেদনশীল হৈ আছে আৰু তাৰে সুযোগ লৈছে দুষ্টচক্ৰই।
ডিব্ৰুগড়ৰ পৰা অভিক চক্ৰৱৰ্তী
আজি ডিব্ৰুগড়ত ভাইৰাছবিধৰ দ্বাৰা বহু সংখ্যক লোক আক্ৰান্ত হোৱা বুলি দিয়া ভুৱা খবৰটোত চিকিৎসক ডাঃ অমৃত বৰুৱাৰ উদ্ধৃতি দিয়া হৈছে।
নৰ্থ-ইষ্ট নাওৰ ডিব্ৰুগড়ৰ সংবাদদাতাই এই সন্দৰ্ভত চিকিৎসকজনক যোগাযোগ কৰাত কয় যে তেওঁ ডিব্ৰুগড় আৰক্ষী থানাত এই ভুৱা প্ৰাচৰৰ বিৰুদ্ধে এটা গোচৰ দিছে। “মই যেতিয়া মোৰ নামৰ সৈতে এই ভুৱা খবৰটো প্ৰচাৰ হোৱা বুলি জানিব পাৰো, তেতিয়া অতি আচৰিত হওঁ। এই বাৰ্তাটোত মানুহ আতংকিত হ’ব পাৰে।” ডাঃ বৰুৱাই কয়।
হোৱাটছ এপত ঘূৰি ফুৰা ভুৱা বাৰ্তাটো আছিল এনে ধৰণৰ–
NIPAH VIRUS ARRIVED DIBRUGARH
EMERGENCY INFORMATION PLEASE NOTE IT DOWN SERIOUSLY
Many people are admitted in Dibrugarh…. with strange sickness. Dr Amrit Baruah from Dibrugarh said that the sickness is coming from eating Lechees (lechu). He said that if it is going on like this, thousands of people will die within a week. Please tell the children not to eat lechees. The leeches are eaten by bats and people are getting strange sickness. It is affecting the liver and Dr Baruah is also affected. He went to various doctors but sickness can’t be cured. Dr Baruah said that he may die soon due to liver infection and he is already standing near……
নলবাৰীত নিপাহ ভাইৰাছ উপস্থিত হোৱা বুলি ওলোৱা ভুৱা বাতৰিটো–
NIPAH VIRUS ARRIVED NALBARI
EMERGENCY INFORMATION PLEASE NOTE IT DOWN SERIOUSLY
Many people are admitted in Nalbari Civil Hospital with strange sickness. Dr Nagen ch kalita from Nalbari Makhibaha said that the sickness is coming from eating Lechees (lechu). He said that if it is going on like this, thousands of people will die within a week. Please tell the children not to eat lechees. The leeches are eaten by bats and people are getting strange sickness. It is affecting the liver and Dr kalita is also affected. He went to various doctors but sickness can’t be cured. Dr kalita said that he may die soon due to liver infection and he is already standing near the graveyard.
Please forward this message if you want to save your children.