• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2025 7:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে পাকিস্তানত ভাৰতৰ  সামৰিক অভিযান ‘অপাৰেচন সিন্দুৰ’ৰ ট্ৰেডমাৰ্কৰ বাবে আবেদন কৰিছিল। বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে বৃহস্পতিবাৰে তেওঁলোকে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি আবেদন প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে।

সংস্থাটোৱে দিয়া কাৰণটো হ’ল, “জিঅ’ ষ্টুডিঅ’ হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ এটা ইউনিট। তাৰে এজন তলতীয়া কৰ্মচাৰীৰ অসাৱধানতাৰ বাবে এই আবেদন দাখিল কৰা হৈছিল। তাৰ পিছতে ইয়াক প্ৰত্যাহাৰ কৰা হৈছে।”

Apply Now

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে লগতে কয় যে সমগ্ৰ দেশৰ গৌৰৱ আৰু ভাৰতৰ বীৰত্বৰ সৈতে ‘অপাৰেচন সিন্দুৰ’ নামটো জড়িত হৈ পৰিছে। তাৰ ট্ৰেডমাৰ্ক লোৱাৰ কোনো উদ্দেশ্য তেওঁলোকৰ নাই। প্ৰেছ বিবৃতিটোত লগতে এইটোও উল্লেখ কৰা হৈছে যে সমগ্ৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ চৰকাৰ আৰু ভাৰতীয় নিৰাপত্তা বাহিনীৰ পক্ষত আছে।

পেহেলগামত সংঘটিত আক্ৰমণৰ ১৫ দিনৰ পাছত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’লে। এই অভিযানৰ ২৪ ঘণ্টাৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ত ‘অপাৰেচন সিন্দুৰ’ বাক্যাংশৰ ট্ৰেডমাৰ্ক বিচাৰি চাৰিখন আবেদন দাখিল কৰা হয়।

ভাৰতীয় সেনাই মঙলবাৰে গভীৰ নিশা বিমান আক্ৰমণত পাকিস্তানৰ ৯ ঠাইত একাধিক সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা বুলি দাবী কৰে। তাৰ সমৰ্থনত অসংখ্য ফটো আৰু ভিডিঅ’ও মুকলি কৰা হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি বুধবাৰে পুৱা ১০:৪২ বজাত প্ৰথমে ‘অপাৰেচন সিন্দুৰ’ৰ ট্ৰেডমাৰ্কৰ বাবে মুকেশ আম্বানীৰ কোম্পানীয়ে আবেদন কৰিছিল। ইয়াৰ পিছত তেওঁলোকে সেয়া প্ৰত্যাহাৰ কৰিলে।

পাকিস্তানত মাজনিশা সংঘটিত হোৱা প্রতিশোধমূলক পদক্ষেপৰ পাছত সংবাদ মাধ্যমক অৱগত কৰিবলৈ বুধবাৰে পুৱা ১০:৩০ বজাৰ পৰা সেনাই সংবাদমেল আৰম্ভ কৰে৷ তাত উপস্থিত আছিল উইং কমাণ্ডাৰ ভোমিকা সিং আৰু কৰ্ণেল ছোফিয়া কুৰেশ্বী। মধ্যমনি আছিল ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী। প্ৰায় এঘণ্টা ধৰি চলিছিল সংবাদমেল৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি ৰিলায়েন্সে এই বিষয়ত সংবাদমেল চলি থকাৰ সময়তে ‘অপাৰেচন সিন্দুৰ’ নামৰ ট্ৰেডমাৰ্কৰ বাবে আবেদন দাখিল কৰে।

ৰিলায়েন্সৰ আবেদনৰ এঘণ্টাৰ ভিতৰত বুধবাৰে পুৱা ১১:২৫ বজাত মুম্বাইৰ বাসিন্দা মুকেশ চেত্ৰাম আগৰৱালাই এই ট্ৰেডমাৰ্কৰ বাবে আবেদন জনায়। নিশা ১২:১৬ বজাত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্তেইন কমল সিঙে ‘অপাৰেচন সিন্দুৰ’ৰ ট্ৰেডমাৰ্কৰ বাবে আবেদন কৰে। দিল্লীৰ বাসিন্দা আলোক কোথাৰীয়ে সন্ধিয়া ৬:২৭ বজাত ট্ৰেডমাৰ্কৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰে।

প্ৰতিজন আবেদনকাৰীৰ উদ্দেশ্য প্ৰায় একেই। সকলোৱে কয় যে তেওঁলোকে মনোৰঞ্জন, চলচ্চিত্ৰ, ৱেব ছিৰিজ প্ৰডাকচন, শৈক্ষিক প্ৰশিক্ষণ, আৰু প্ৰকাশনৰ বাবে ট্ৰেডমাৰ্কৰ বাবে আবেদন কৰিছে। ৰিলায়েন্সে আবেদন প্ৰত্যাহাৰ কৰাৰ পিছত বাকী তিনিজনে কি কৰে সেয়া ভৱিষ্যতেহে ক’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd