নিম্নমানৰ পথ নিৰ্মাণ : গড়কাপ্তানি বিভাগৰ তদন্তই সামৰি ল’ব বহুকেইটা পথ নিৰ্মাণ ঠিকাদাৰী প্ৰতিষ্ঠানৰ কামক

Road_Construction

ৰাজ্যখনত গড়কাপ্তানি বিভাগৰ অধীনত শেহতীয়াকৈ নিৰ্মিত বহুকেইটা পথৰ কাম অতি নিম্নমানৰ হোৱা বুলি বিভিন্ন পক্ষই কৰি অভিযোগৰ লগতে সংবাদ মাধ্যমত প্ৰকাশিত তথ্য ভিত্তিক প্ৰতিবেদনত অৱশেষত গা লৰিল বিভাগটোৰ মন্ত্ৰীজনৰ। গড়কাপ্তানি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অৱশেষত ইয়াৰ এটা তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন ঠাইত গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰা বহুকেইটা পথ নিৰ্মাণৰ ছমাহ নহওঁতেই ভাগি-ছিগি যোৱাৰ অভিযোগ উত্থাপিত হৈছে। বহুকেইটা পথৰ নিম্নমানৰ কামৰ ভিডিঅ’ ফুটেজ ইতিমধ্যে ছ’চিয়েল মিডিয়াতো প্ৰচাৰিত হৈছে। এই ক্ষেত্ৰত নতুন চৰকাৰখনৰ বিৰুদ্ধে স্বাভাৱিকতে ক্ষোভ বৃদ্ধি পাইছিল জনসাধাৰণৰ মাজত।

ইয়াৰ পৰিপ্ৰেক্ষিতত বিভাগটোৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগীয়ভাৱে তদন্তৰ নিৰ্দেশ দি অহা ১০ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ সময় বান্ধি দিছে। জানিব পৰামতে গড়কাপ্তানি বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা কুশল কুমাৰ শইকীয়াক এই তদন্ত কৰাৰ দায়িত্ব দিয়া হৈছে।

মন কৰিব লগীয়া যে কেইবাজনো ঠিকাদাৰ তথা কেইবাটাও ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাম এই তদন্তৰ অধীনলৈ অহাৰ সম্ভাৱনা আছে। বিভাগটোৰ মুখ্য অভিযন্তা দিব্যজ্যোতি চহৰীয়াই জনোৱা মতে, মেছাৰ্ছ ডি কে কনষ্ট্ৰাকশ্যন, ডি কছাৰী আৰু কমল মেধি নামৰ ঠিকাদাৰকেইজনে নিৰ্মাণ কৰা পথৰ কামৰো তদন্ত হ’ব।

আনহাতে ঠিকাদাৰ প্ৰভু আগৰৱালাৰ নামো চৰ্চাত আছে। এই ঠিকাদাৰজনে দৰং, ওদালগুৰি, ধেমাজি আদি জিলাত দলং আৰু পথৰ নিৰ্মাণৰ কাম আধৰুৱাকৈ পেলাই থৈছে বুলি জানিব পৰা গৈছে।