NORTHEAST NOW (Assamese)

নিম্নমানৰ সামগ্ৰীৰে মথাউৰি নিৰ্মাণ : এজাক বৰষুণতে নীৰ্মিয়মাণ মথাউৰি ছিগিল

May 8, 2018 12:41 pm · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ জল সম্পদ বিভাগক নিৰ্দেশ দিছিল যে ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ সকলো মথাউৰি নিৰ্মাণৰ বাবে কঠোৰ নিৰ্দেশ দিছিল। কিন্তু ৰাজ্যৰ জলসম্পদ বিভাগে মুখ্য মন্ত্ৰী এই নিৰ্দেশক কোনো ধৰণৰ কেৰেপ নকৰে। আনকি জল সম্পদ বিভাগে যি সমূহ মথাউৰি সেই সমূহো নিম্নমান সামগ্ৰীৰে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই কথাকে প্ৰমাণ কৰি মেৰাপানীৰ চাংখাতিত যোৱা নিশা অহা এজাক বৰষুণতে উটি গ’ল নিৰ্মীয়মাণ মথাউৰি। ফলত তচনচ হৈ পৰিল নৈপৰীয়া কেইবাটাও পৰিয়ালৰ বাসগৃহ।

উল্লেখযোগ্য যে মেৰাপানীৰ ৰতনপুৰৰ পৰা বিষ্ণুপুৰ পৰ্যন্ত চাংখাতি নৈৰ দুয়োপাৰে মথাউৰি নিৰ্মাণ কাৰ্যৰ বাবে এমাহ পূৰ্বে ৪ কোটি ৫১ লাখ টকা আবণ্টন দিছিল জলসম্পদ বিভাগে। নিৰ্মাণকাৰ্য আৰম্ভও হৈছিল কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নিম্নমানৰ সামগ্ৰীৰে মথাউৰি নিৰ্মাণকাৰ্য চলাইছে।

চাৰ ফলত যোৱা নিশা দিয়া এজাক সামান্য বৰষুণতে মথাউৰিটো ছিগি গ’ল। ইফালে এই মথাউৰি ছিগি যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Related News