NORTHEAST NOW (Assamese)

নিৰাপত্তা বাহিনীত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত যোৰহাটত গ্ৰেপ্তাৰ এগৰাকী মহিলাক

February 13, 2018 7:18 pm · দেৱজিত বৰুৱা
Updated: February 13, 2018 7:23 pm
প্ৰতিনিধিত্বমূলক ছবি

নিৰাপত্তা বাহিনীসমূহত চাকৰি দিয়াৰ প্ৰলোভনেৰে বিভিন্ন যুৱকৰ পৰা ধন সংগ্ৰহ কৰা বেবি সিং (৪৮ বছৰ) ওৰফে অৰ্চনা সিং নামৰ এগৰাকী মহিলাক আজি যোৰহাটৰ ৰৰৈয়াৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰই জনোৱা মতে বিভিন্ন জালিয়াতিৰ গোচৰত আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি থকা মহিলাগৰাকীক ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪৬৮, ৪২০, ১২০ (বি) আৰু ৩৪ ধাৰাৰ অধীনত ১৫৮৫/১৭ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।

মহাৰাষ্ট্ৰৰ কেইজনমান যুৱকে তেওঁলোকৰ পৰা মহিলাগৰাকীয়ে চাকৰি দিয়াৰ নামত ধন লোৱা বুলি অভিযোগ তোলাৰ পিছতে তেওঁৰ বিৰুদ্ধে এই গোচৰটো যোৱা বছৰেই ৰুজু কৰা হৈছিল।

আজি আৰক্ষীয়ে তেওঁক মুখ্য ন্যায়িক দণ্ডাধীশ ৰীনা বড়োৰ আদালতত হাজিৰ কৰোৱায়।

আদালতে মহিলাগৰাকীক অধিক জেৰাৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

Related News