নিৰুদ্দিষ্ট হোৱাৰ তিনিদিন পিছতো একো শুংসূত্ৰ উলিয়াব পৰা নাই সন্ধানহীন শিৱৰাম হেম্বৰামৰ

IMG-20180801-WA0044

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ১ নং ডোঙাৰগাঁৱৰ (মঞ্জুৰগাঁও) এজন লোক ৩০ জুলাইৰ পৰা নিৰুদ্দিষ্ট হৈ থকা  ঘটনাই  ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলটোত এক ৰহস্যময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, যোৱা ৩০  জুলাই  সোমবাৰে ১নং ডোঙাৰগাঁৱৰ শিৱৰাম হেম্বৰম নামৰ লোকজনে নিজ পত্নী সহ তামুলপুৰৰ জামুগুৰিৰ আত্মীয়ৰ ঘৰৰ পৰা আলহী খাই  চাইকেলেৰে নিজ গৃহলৈ আহি আছিল।  কিন্তু বাটতেই হঠাৎ বৰষুণ অহাৰ বাবে নিজ পত্নীক গাড়ীত উঠাই দি শিৱৰামে চাইকেলেৰে নিজ ঘৰলৈ অহাৰ সিদ্ধান্ত লয়। কিন্ত দুৰ্ভাগ্যজনক ভাৱে শিৱৰাম হেম্বৰম সন্ধিয়া পৰলৈকে নিজ ঘৰত উপস্থিত নোহোৱাত পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

ইফালে সেইদিনাই শিৱৰাম হেম্বৰমৰ নিজ গৃহৰ পৰা ৮ কিলোমিটাৰ দুৰত্বত থকা নৈৰ সোঁতে এজন লোকক উটুৱাই লৈ যায়। পৰিয়ালৰ লোকে নিশ্চিত নহয় যদিও  সন্দেহ কৰা মতে হয়তো শিৱৰামে আছিল উটি যোৱা লোক জন।

পৰিয়ালৰ লোকে বিভিন্ন স্থানত শিৱৰামক বিচাৰ খোচাৰ কৰে যদিও শিৱৰাম হেম্বৰমৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । ফলত স্বাভাৱিকতে চিন্তিত হৈ পৰিছে শিৱৰামৰ পৰিয়ালৰ লোক সকল আৰু আত্মীয় স্বজন।

ইতিমধ্যে শিৱৰামৰ সম্ভেদ উলিয়াবলৈ তেওঁৰ  পত্নী বাহমনি মুৰ্মূই কুমাৰীকাটা আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমান সময় লৈকে কোনো ধৰণৰ খা-খবৰ পোৱা হোৱা নাই।

প্ৰায় পাঁচ ফুট উচ্চতাৰ,  বগা বৰণৰ শিৱৰামৰ  কোনো লোকে কিবা সম্ভেদ লাভ কৰিলে  ৮৪৭৩০৩৫৪৮১ নতুবা ৯৮৫৪৪৬৬৪৫৭ দূৰভাষ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।