NORTHEAST NOW (Assamese)

নিৰ্বাচনমুখী মেঘালয়ত জব্দ বাৰ লাখ নগদ টকা : গুৱাহাটীৰ সমীপৰ ৰি ভ’ই জিলাত জব্দ টকাখিনি

February 25, 2018 4:53 pm · এন ই নাও নিউজ
Updated: February 25, 2018 5:26 pm
প্ৰতিনিধিত্বমূলক ছবি

নিৰ্বাচনমুখী মেঘালয়ত জব্দ হৈছে ১২ লাখ নগদ টকা।

জিলা নিৰ্বাচনী বিষয়া চি পি গ’টমাৰেই জনোৱা অনুসৰি কালি ৰি ভ’ই জিলাত মুঠ ১২.৩৯ লাখ টকা জব্দ কৰা হৈছে। মেঘালয়ৰ গুৱাহাটীৰ সমীপৱৰ্তী ৰি-ভ’ই জিলাৰ যোৰাবাটত ৩ জন বেলেগ বেলেগ লোকৰ পৰা ১ লাখ, ১ লাখ ৪৩ হাজাৰ ৬শ আৰু ৪ লাখ আৰু জিলা সদৰ নংপ’ত এখন গাড়ীৰ পৰা ৫ লাখ ৯৬ হাজাৰ টকা জব্দ কৰে।

মেঘালয়ৰ মুখ্য নিৰ্বাচনী আয়ুক্ত এফ আৰ খাৰকংগৰে পূৰ্বে জনাইছিল যে নিৰ্বাচনৰ আৰ্হি আচৰণবিধি বলবৎ হোৱাৰ পিছত ৰাজ্যখনত কোনো ব্যক্তিয়ে ৫০ হাজাৰতকৈ অধিক নগদ টকা লগত ৰাখিলে তেওঁক কৰ্তৃপক্ষই প্ৰশ্ন কৰিব।

ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা এতিয়ালৈকে ৪০ লাখতকৈ অধিক টকা জব্দ কৰা হৈছে।

উল্লেখযোগ্য যে ৬০ জনীয়া মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ ৱিলিয়ামনগৰ সমষ্টিক বাদ দি বাকী ৫৯ খন আসনৰ নিৰ্বাচন ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব ।

Related News