নিৰ্বাচনলৈ মাত্ৰ ন দিন বাকী থকা অৱস্থাত মেঘালয়ত অঘটন : গাৰো পাহাৰত গুলীয়াই মাৰিলে এন চি পি প্ৰাৰ্থী জনাথন চাংমাক

Jonathone N Sangma

২৭ ফেব্ৰুৱাৰিৰ মেঘালয় নিৰ্বাচনলৈ মাত্ৰ ন দিন বাকী থকা অৱস্থাত সন্দেহযুক্ত জি এন এল এ’ (Garo National Liberation Army) উগ্ৰপন্থীয়ে আজি গধূলি ৱিলিয়ামনগৰত এন চি পি প্ৰাৰ্থী জনাথন এন চাংমাক তেওঁৰ দুগৰাকী দেহৰক্ষীৰ সৈতে গুলীয়াই হত্যা কৰিছে।

সূত্ৰ অনুসৰি মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ চবক্ৰে অঞ্চলৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই ৱিলিয়ামনগৰ অভিমুখে ঘূৰি আহি থকা অৱস্থাত চামান্দা অঞ্চলত গধূলি ৭.৫০ বজাত সন্দেহযুক্ত উগ্ৰপন্থীয়ে এই আক্ৰমণ চলায়।

প্ৰথমতে উগ্ৰপন্থী সকলে আই ই দি বিস্ফোৰণ কৰাৰ পিছত দেহৰক্ষী আৰু গাঁৱৰ দুজন লোকৰ সৈতে চাংমা আহি থকা স্কৰপিঅ’ গাড়ীখনত ধাৰাষাৰ গুলী চলায়।

পূব গাৰো পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰিংৰাং চাংমাই এন ই নাওক জনাইছে ‘তেওঁৰ সৈতে দুজন নিৰাপত্তাৰক্ষী আছিল। আমি এতিয়াও সৱিশেষ খবৰ পোৱা নাই। আমাৰ দল গৈ শীঘ্ৰেই ঘটনাথলীত উপস্থিত হ’ব।’

এতিয়ালৈকে নিশ্চিত নোহোৱা সূত্ৰ অনুসৰি উগ্ৰপন্থীৰ আক্ৰমণত চাংমা আৰু তেওঁৰ দুই দেহৰক্ষীৰ লগতে গাড়ীচালকজন আৰু দুজন গঞা নিহত হৈছে।

৩৮ বছৰীয়া, পেছাত ব্যৱসায়ী চাংমাই এন চি পি দলৰ হৈ ৱিলিয়ামনগৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল।

২০১৩ চনৰ নিৰ্বাচনত তেওঁ বৰ্তমানৰ বিধায়ক দেবৰা চি মাৰাকৰ হাতত পৰাজিত হৈছিল।

২০১৩ চনৰ নিৰ্বাচনটো তেওঁৰ ওপৰত আক্ৰমণ হৈছিল।

ৱিলিয়ামনগৰ সমষ্টিৰ ভিতৰুৱা অঞ্চলত ‘জনাথন চাংমাক ভোট দিয়াসকলক হত্যা কৰা হ’ব’ বুলি বেনামী প’স্তাৰ অঁৰা দেখা গৈছিল।