নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত সকলোৰে দৃষ্টি নিৱদ্ধ এতিয়া মেঘালয় আৰু নাগালেণ্ডত

83516-wkgkioejgs-1520072286

ত্ৰিপুৰাত বাওঁমৰ্চাৰ পঁচিশ বছৰীয়া শাসন ওফৰাই একক সংখ্যা গৰিষ্ঠাতাৰে বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন নিশ্চিত কৰাৰ পিছত মেঘালয় আৰু নাগালেণ্ডত বিজেপিৰ স্থিতি লক্ষ্যণীয় হৈ পৰিছে।

দুই খ্ৰীষ্টান অধ্যুষিত ৰাজ্যত বিজেপিয়ে নিজৰ কৰ্তৃত্বত আগবাঢ়িব পৰা নাই যদিও সহযোগী দলৰ জৰিয়তে ক্ষমতা লাভৰ পথত কৰণীয় সকলোখিনি কৰিবলৈ প্ৰস্তুত।

ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ আৰু অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ড আৰু মেঘালয়লৈ গৈ দুয়োখন ৰাজ্যতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ কুচ কাৱাজ আৰম্ভ কৰি তুলিছে।

মেঘালয়ত ২১ খন আসনেৰে একক সংখ্য গৰিষ্ঠ দল হিচাপে শাসকীয় কংগ্ৰেছক চৰকাৰ গঠনৰ বাবে আৰু ১০ খন আসনৰ প্ৰয়োজন। আনহাতে, ইয়াৰ বিৰোধী দল এনপিপিয়ে ১৯ খন আসন লাভ কৰি কংগ্ৰেছৰ প্ৰায় ওচৰ চাপিছিল।

এনপিপিৰ সৈতে নিৰ্বাচনোত্তৰ বুজাবুজি কৰা বিজেপি মাত্ৰ দুখন আসনহে লাভ কৰিবলৈ সক্ষম হয়।

কংগ্ৰেছ আৰু এনপিপি দুয়োটা দলেই এতিয়া চৰকাৰ গঠনৰ বাবে আন সৰু দলবোৰৰ সমৰ্থন লাভৰ প্ৰচেষ্টা চলাইছে।

নিৰ্বাচনত ইউডিপিয়ে ৬খন, পিডিএফে ৪ খন, এনচিপিয়ে ১খন, এইচএছপিডিপিয়ে ২ খন, কেএইচএনএএমে ১খন আৰু নিৰ্দলীয়ই ৩ খন আসন লাভ কৰিছে। এতিয়া চৰকাৰ গঠনত এই সংখ্যাবোৰৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে।

নাগালেণ্ডতো একেদৰে শাসকীয় এনপিএফ দলে ২৭ খন আসনেৰে একক সংখ্যা গৰিষ্ঠ দল হিচাপে বিজয়ী হোৱাৰ লগতে ইয়াৰ সহযোগী এনপিপিয়ে ২ খন আৰু জেডি(ইউ) য়ে এখন আসন লাভ কৰিছে। এতিয়া চৰকাৰ গঠনৰ বাবে এনপিএফক লাগে মাত্ৰ আৰু এখন আসনৰ সমৰ্থন।

বিজেপিয়ে ইয়াত ১১ খন আসন লাভ কৰিছে। নাগালেণ্ডত বিজেপিয়ে ইয়াৰ পুৰণি মিত্ৰ এনপিএফৰ সৈতে চৰকাৰ গঠনৰ সম্ভাৱনা দেখা গৈছে।

অৱশ্যে আন সূত্ৰই জনোৱা মতে বিজেপিয়ে এনডিপিপিৰ সৈতে লগ লাগি আৰু আন প্ৰাৰ্থীৰ সমৰ্থনত এখন বিকল্প চৰকাৰ গঠনৰ দিশটোও পৰ্যালোচনা কৰি আছে।