নিৰ্বাচনৰ পূৰ্বেই নাগা সমস্যাৰ সমাধান বিচাৰে নাগালেণ্ড বিধানসভাই

নাগা ৰাজনৈতিক সমস্যাৰ সমাধান নিৰ্বাচনৰ পূৰ্বেই হোৱাটো বিচাৰিছে নাগালেণ্ডে। আজি নাগালেণ্ড বিধানসভাৰ দুদিনীয়া শীতকালীন অধিৱেশনৰ আৰম্ভণি দিনটোতে বিধানসভাই কেন্দ্ৰক নাগা ৰাজনৈতিক সংকটটোৰ এক সন্মানজনক আৰু গ্ৰহণযোগ্য সমাধান বিচাৰি উলিয়াবলৈ অনুৰোধ কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে অহা মাৰ্চত নাগালেণ্ডত বিধানসভাৰ নিৰ্বাচন হোৱাৰ কথা। নাগা ৰাজনৈতিক সমস্যাটো সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে কয় যে যোৱা ৭ ডিচেম্বৰত নাগালেণ্ড বিধায়ক ফ’ৰামে বৰ্তমানৰ সাংসদ তথা প্ৰাক্তন সাংসদসকলৰ সৈতে এখন সভাত মিলিত হৈছিল। উক্ত সভাত নাগা সমস্যাটো নিৰ্বাচনৰ পূৰ্বেই এটা সমাধান উলিয়াবলৈ কেন্দ্ৰক হেঁচা দিবৰ বাবে নাগালেণ্ড বিধানসভাৰ চলিত অধিৱেশনতে এটা প্ৰস্তাৱ ল’বলৈ আহ্বান জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। মুখ্য মন্ত্ৰীজনে কয় যে বিধানসভাই ভাৰত চৰকাৰে নাগাসকলৰ ৰাজনৈতিক সমস্যাৰ সমাধান কৰিবলৈ ক্ষিপ্ৰভাৱে লোৱা বিভিন্ন পদক্ষেপৰ শলাগ লৈছে, বিশেষকৈ যোৱা ২০১৫ চনৰ ৫ আগষ্টত ভাৰত চৰকাৰে এন এছ চি এন (আই-এম)ৰ সৈতে কৰা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টৰ আৰু লগতে পৰৱৰ্তী সময়ত ২০১৭ চনৰ ২৭ নৱেম্বৰত ভাৰত চৰকাৰে ছটা নাগা ৰাজনৈতিক গোটৰ সৈতে কৰা লিখিত চুক্তিৰ। মুখ্য মন্ত্ৰী জেলিয়াঙে লগতে কয় যে শীঘ্ৰে সমাধানৰ স্বাৰ্থত বিভিন্ন অংশীদাৰী পক্ষই নাগা ৰাজনৈতিক সমস্যাটোৰ মূল কথাবোৰত তেওঁলোকৰ মনোযোগ কেন্দ্ৰীভূত কৰি আছে। তেওঁ কয় যে বিধানসভা এই কথাত একমত যে বিষয়টোত আৰু পলম কৰি থকাৰ কোনো বাট নাই।

আনহাতে বিধানসভাই নিৰ্বাচন আয়োগক এইটো জনোৱাৰ সিদ্ধান্তও লয় যে নাগা সমস্যাটোৰ এটা সন্মানীয় আৰু গ্ৰহণযোগ্য চয়-নিশ্চয় নোহোৱালৈকে সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণা নকৰে যেন। বিধানসভাই সকলো সমাজগোট, জনজাতীয় হোহো, গীৰ্জা আৰু অন্যান্য সংগঠনবোৰক এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দৃষ্টিভংগিৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায়। লগতে বিধানসভাই সকলো ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীকে ‘নিৰ্বাচনৰ পূৰ্বেই সমাধান’ত দৃঢ়তা দেখুৱাবলৈও আহ্বান জনায়, যাতে ভাৰত চৰকাৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ আগত বিষয়টো একতা দেখুৱাব পৰা যায়।