নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেখা দিয়া ৰাজনৈতিক সংকটৰ কোনো প্ৰভাৱ নপৰিল নাগালেণ্ডত

Nagaland

নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেখা দিয়া ৰাজনৈতিক অস্থিৰতা তথা নিৰ্বাচন অনুষ্ঠিত হোৱা নোহোৱাৰ অনিশ্চয়তাৰ কোনো প্ৰভাৱ দেখা নগ’ল ভোটদান প্ৰক্ৰিয়াত। ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত ভোটদান প্ৰক্ৰিয়াত নাগাসকলক স্বতঃস্ফূৰ্তভাৱেই দল-বলে ওলাই অহা দেখা গ’ল। আনকি একে সময়তে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হোৱা মেঘালয়তকৈ নাগালেণ্ডত ভোটদানৰ হাৰ (৭৫ শতাংশ) সামান্য বেছি দেখা গ’ল। ভোটদানৰ সন্তোষজনক হাৰৰ লগতে গোটেই প্ৰক্ৰিয়াটো প্ৰায় মসৃণভাৱে সম্পন্ন হোৱা বুলি ক’ব পাৰি। ২৭ ফেব্ৰুৱাৰিৰ সন্ধিয়াৰ ভাগত নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই জোনৱা মতে ভোটদানৰ হাৰ আৰু বেছি হোৱাৰ সম্ভাৱনা আছে আৰু বুধবাৰে পুৱাৰ ভাগত এইটো ক’ব পৰা যাব।

আনহাতে নিৰ্বাচনী বিষয়াজনে জনোৱা মতে, ভোটিং মেচিনৰ বিসংগতিৰ বাবে ক’হিমা নগৰ সমষ্টিৰ উজনি এ জি আৰু জেইল কলনি আৰু ফেক জিলাৰ তিনিটা ভোটকেন্দ্ৰ ক্ৰমে লোচামি (২০ মেলুৰি বিধানসভা সমষ্টি), মাজ খোমি (চিজামি বিধানসভা সমষ্টি) আৰু ছুটোষ্টুত (মেলুৰি বিধানসভা সমষ্টি) পুনৰ ভোটদানৰ ব্যৱস্থা কৰা হ’ব।

অৱশ্যে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াজনে ভোটদান পৰ্ব প্ৰায় শান্তিপূৰ্ণ আছিল বুলি দাবী কৰিলেও কেইটামান বিক্ষিপ্ত ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন আহত হয়।

পুৱাই এটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় মন জিলাৰ টিজিট বিধানসভা সমষ্টিৰ এটা ভোটকেন্দ্ৰত। ইয়াৰ ফলত এজন লোক আহত হয়।

আনহাতে এন পি এফ আৰু এন ডি পি পিৰ সমৰ্থকৰ মাজত লগা সংঘৰ্ষত এজন লোক নিহয় হয়। ঘটনাটো ঘটে অকুলুটো বিধানসভা সমষ্টিৰ অকুলুটো ছাউথ উইং ভোটকেন্দ্ৰৰ সমীপত। দুয়োপক্ষৰ হতাহতিৰ পিছত হোৱা গুলীচালনাৰ ঘটনাত এজনৰ মৃত্যু হয়। এটা সূত্ৰই জনোৱা মতে নিহত ব্যক্তিজন এন পি এফ দলৰ সমৰ্থক মাপুলুমি গাৱঁৰ অভিকা বুলি জানিব পৰা গৈছে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আই আৰ বিৰ জোৱানে গুলী চলোৱাত আন দুজন লোক আহত হয়। সংঘৰ্ষ লগাসকলৰ মাজৰ বহুকেইজনৰ হাতত মাৰণাস্ত্ৰ আছিল বুলি জানিব পৰা গৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে লংলেং জিলাৰ তামলু বিধানসভা সমষ্টিৰ অধীনত পৰা বুলি দাবী কৰা ১ নং লদাইগড়ত ভোটদান  প্ৰক্ৰিয়া অনুষ্ঠিত কৰিবলৈ আহিছিল যদিও এই অঞ্চলটো অসমৰ ভিতৰত পৰা বাবে অসমৰ সশস্ত্ৰ আৰক্ষী বাহিনীয়ে বাধা দিয়াত ভোটপৰ্ব সম্পাদন কৰিব পৰা নগ’ল। জানিব পৰামতে এই অসম-নাগালেণ্ডৰ এই সীমামূৰীয়া গাওঁখন অসমৰ প্ৰশাসনে অসমৰ ভিতৰত পৰে বুলি দাবী কৰি অহাৰ বিপৰীতে নাগালেণ্ডৰ ফম লোকসকলে লদাইগড় গাওঁখন নাগালেণ্ডৰ বুলি দাবী কৰি আহিছে। মন কৰিব লগীয়া কথাটো হ’ল ইয়াত নাগালেণ্ড চৰকাৰৰ দ্বাৰা পৰিচালিত চৰকাৰী প্ৰাথমিক বিদ্যালয়ো আছে।

উল্লেখযোগ্য যে নাগালেণ্ড নিৰ্বাচনৰ ফলাফল অহা ৩ মাৰ্চত ঘোষিত হ’ব। নাগালেণ্ড বিধানসভাৰ লগতে একেদিনাই নিৰ্বাচন অনুষ্ঠিত হোৱা মেঘালয় বিধানসভা আৰু যোৱা ১৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত ত্ৰিপুৰা বিধানসভাৰো একে দিনাই, অৰ্থাৎ ৩ মাৰ্চতে ফলাফল ঘোষিত হ’ব।

নাগালেণ্ডত মুঠ ৬০ টা সমষ্টি আছে যদিও এন ডি পি পিৰ মুখ্য নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত ৫৯ টা সমষ্টিৰ বাবে ভোটদান পৰ্ব সম্পন্ন কৰা হয়। ৫ গৰাকী মহিলাকে ধৰি মুঠ ১৯৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব এই ভোটদানে।

কেন্দ্ৰীয় চৰকাৰ আৰু নাগা বিদ্ৰোহী গোটবোৰৰ সৈতে চলি থকা নাগালিম সম্পৰ্কীয় আলোচনা তথা চুক্তি ৰূপায়ণ প্ৰক্ৰিয়াৰ বাবে নাগালেণ্ড বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা নকৰাক লৈ বহুতো জল্পনা-কল্পনা দেখা গৈছিল যদিও মূৰকত নিৰ্বাচন সুকলমে সম্পন্ন হয়। আনকি বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ কেইদিনমান আগলৈকে নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তও লৈ ৰাজনৈতিক দলবোৰে। লগতে ভাবুকি আহিছিল এন এছ চি এন (আই এম), নাগা হোহো বোৰৰ পৰা।