নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাগালেণ্ড বিধানসভাৰ সদস্যপদ ত্যাগ প্ৰাক্তন গৃহ মন্ত্ৰী ৱাই পাটনৰ

বিধানসভা পদ ত্যাগ কৰা নাগালেণ্ডৰ প্ৰাক্তন গৃ্হ মন্ত্ৰী পাটন

বিধানসভা পদ ত্যাগ কৰা নাগালেণ্ডৰ প্ৰাক্তন গৃ্হ মন্ত্ৰী পাটন

নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে কালি নাগালেণ্ড বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছে ৰাজ্যখনৰ প্ৰাক্তন গৃহ মন্ত্ৰী ৱাই পাটনে।

উল্লেখযোগ্য যে শাসনাধিস্থিত নাগা পিপল্ছ ফ্ৰন্তৰ দুটা গোটৰ মাজত শান্তি স্থাপনৰ বাবে যোৱা মাহত মুখ্য মন্ত্ৰী তি আৰ জেলিয়াঙে পাটনকে ধৰি অন্য ৫ জন মন্ত্ৰীক তেওঁৰ মন্ত্ৰীসভাৰপৰা বৰ্খাস্ত কৰিছিল।

অধ্যক্ষলৈ প্ৰেৰণ কৰা পাটনৰ পদত্যাগ পত্ৰৰ ছবি ইণ্টাৰনে’টত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। পাটনে ৯ জানুৱাৰি ২০১৮ৰ পৰা তৎকালে কাৰ্যকৰী হোৱাকৈ ‘স্বেচ্ছাই পদত্যাগ’ কৰা বুলি ঘোষণা কৰিছে।

আজি নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ ড০ ইমতিৱাপাং আইৰে পাটনৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে।

নাগালেণ্ড বিধানসভাৰ আয়ুক্ত তথা সচিব এন বেঞ্জামিন নিউমায়ে আজি জনাই যে ভাৰতীয় সংবিধানৰ ১৯০ অনুচ্ছেদৰ ৩ (খ)ৰ বিধি ১৮০ ৰ (১), (২) দফাৰ নাগালেণ্ড বিধানসভাৰ কাৰ্যপ্ৰণালী আৰু পৰিচালনা বিধি অনুসৰি পাটনৰ পদত্যাগ গ্ৰহণ কৰিছে।

পদত্যাগপত্ৰ গ্ৰহণ কৰি AS/LEG-23/2014 জাননী যোগে বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে ১১/১/২০১৮ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩৭ টুই বিধানসভা আসন খালী থকা বুলি ঘোষণা কৰিছে।