• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৭ দিনত ১২খন দলং! বিহাৰ চৰকাৰত জোকাৰণি; ১৫ জন চৰকাৰী অভিযন্তাক নিলম্বন, দুটা প্ৰতিষ্ঠানক শ্ব’ কজ

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
July 5, 2024 8:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত চলি আছে দলঙৰ আতংক। পুনৰ ভাঙি পৰিল দলং। বৃহস্পতিবাৰে সাৰণ জিলাত গণ্ডাকি নদীৰ ওপৰত আন এখন দলং ভাঙি পৰে। ফলত ২৪ ঘন্টাত মাত্ৰ সাৰণত তিনিখন দলং ভাঙে! মুঠতে বিহাৰত বিগত ১৭ দিনত একেৰাহে ১২খন দলং ভাঙিছে। ইয়াৰ বাবে ১৫ গৰাকী অভিযন্তাক নিলম্বন কৰা হৈছে।

কিন্তু ইমানবোৰ দলং কেনেকৈ ভাঙি গ’ল, সাৰণ দলং বা কিয় ইমান একেৰাহে ভাঙি গ’ল সেয়া স্পষ্ট হোৱা নাই৷ প্ৰথম অৱস্থাত প্ৰশাসনে অত্যধিক বৰষুণৰ বাবে এই দলং দুৰ্যোগৰ বাবে জগৰীয়া কৰিছিল। কিন্তু প্ৰশ্ন উত্থাপন হয়, প্ৰতি বছৰে বৰষুণ হয়, বানপানীও হয়৷ এনেকৈ একেৰাহে ভাঙি যোৱাৰ কাৰণ কি!

উত্তৰ নোপোৱাৰ পাছতো ডজন ডজন দলং ধ্বংস হোৱাৰ পাছতো অলৰ-অচৰ প্ৰশাসন। জলসিঞ্চন বিভাগৰ ১১ জন আৰু গ্ৰাম্য গড়কাপ্তানি বিভাগৰ ৪ জনকে ধৰি মুঠ ১৫ জন চৰকাৰী অভিযন্তাক নিলম্বন কৰা হৈছে। ইয়াৰ ভিতৰত কাৰ্যবাহী অভিযন্তা, সহকাৰী অভিযন্তা আদি উচ্চপদস্থ বিষয়াও আছে। দুটা নিৰ্মাণ কোম্পানীকো কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। কিছুমানক ব্লেকলিষ্ট হোৱাৰ সতৰ্কবাণী।আৰু কিছুমানৰ পেমেণ্টো ব্লক কৰা হৈছে।

Apply Now

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বিভিন্ন ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে বৃহস্পতিবাৰে সাৰণ নদীৰ ওপৰত নিৰ্মিত এখন দলং মাজৰ পৰা ভাঙি পৰে। দলঙৰ এক বৃহৎ অংশ পানীত পৰিছে। এই দলঙৰ মাজেৰে সাৰণ জিলাৰ পৰা ছিৱান জিলালৈ যাব পাৰি। ইয়াৰ ভাঙি পৰাৰ বাবেই গাঁওবাসীয়ে বিপদত পৰিছে। ১৫ বছৰ পুৰণি দলংখন।

বিহাৰত প্ৰথমখন দলং ভাঙি যোৱাৰ খবৰ আহিছিল ১৮ জুনত। প্ৰথমে আৰাৰিয়া জিলাত ভাঙি পৰে দলংখন। ইয়াৰ পিছত ২২ তাৰিখে ছিৱানত নদীৰ সিপাৰে এখন দলংও ভাঙি পৰে। ইয়াৰ পিছতে পূৱ চম্পাৰণ, কিষানগঞ্জ, মধুবনী, মুজাফ্ফৰপুৰত দলং ভাঙি যায়। বুধবাৰে ছিৱানত চাৰিখন আৰু সাৰণত দুখন দলং ভাঙি পৰে। বৃহস্পতিবাৰে সাৰণত আৰু এখন দলং ভাঙি পৰাৰ পিছত মুঠ দলং ভাঙি পৰাৰ সংখ্যা ১২খন।

এই পৰিস্থিতিত বিৰোধী আৰু সাধাৰণ মানুহৰ প্ৰশ্নটো হ’ল, এই দলংবোৰ কেনেধৰণৰ সামগ্ৰীৰে তৈয়াৰ কৰা হৈছে? নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ বাবেই নেকি?

ৰাজ্যখনৰ আৰজেডি নেতা তথা বিৰোধী দলৰ নেতা তেজস্বী যাদৱে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইমান ডাঙৰ ঘটনাক লৈ মৌন হৈ আছে। সুশাসন আৰু দুৰ্নীতিমুক্ত চৰকাৰৰ দাবী ক’লৈ গ’ল এই প্ৰশ্ন উত্থাপন কৰে তেজস্বীয়ে। তেওঁ কয়, এই ঘটনাই দেখুৱাইছে যে সকলো চৰকাৰী বিভাগতে দুৰ্নীতি বিয়পি পৰিছে।

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd