নাগা চুক্তি আৰু নাগালিম গঠনৰ বিষয়টো সমাধান নোহোৱা পৰ্যন্ত নিৰ্বাচন স্থগিত ৰখাৰ অনুৰোধ দল-সংগঠনৰ

এন এছ ছি এন(আই এম)ৰ নেতৃবৃন্দৰ লগতে অন্যান্য দল-সংগঠনৰ নেতৃবৃন্দ

বিগত কেইবা মাহ ধৰি বৃহত্বৰ নাগালিম গঠন আৰু নাগা চুক্তিৰ বিষয়টোৱে নাগালেণ্ডকে ধৰি অসম, অৰুণাচল আদি ঠাইৰ বাসিন্দাসকলৰ মাজত গভীৰ চিন্তাৰ উদ্বেগ ঘটাইছে। ঠিক সেইদৰে কিছু দিন পূৰ্বে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে নাগালেণ্ডৰ সকলো দল-সংগঠনে নিৰ্বাচনৰ দিন ঘোষণাৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। উক্ত দল-সংগঠন সমূহে নাগা শান্তি চুক্তি আৰু নাগালিম গঠনৰ বিষয়টো সম্পূৰ্ণ সমাধান নোহোৱা পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ অনুৰোধ জনায়।

বিভিন্ন দল-সংগঠনৰ লগতে এন এছ ছি এন(আই এম)য়ে নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন স্থগিত ৰখাৰ বাবে প্ৰধান মন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

নাগালিম বিষয়টো নিৰ্বাচনৰ পূৰ্বে সমাধান নকৰিলে নিৰ্বাচনৰ সময়ত ৰাজ্যখনত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে তাৰ বাবে দায়ী কিন্তু একমাত্ৰ কেন্দ্ৰীয় চৰকাৰ। এই কথাখিনি স্পষ্ট ৰূপত উল্লেখ আছে প্ৰধান মন্ত্ৰীক দিয়া স্মাৰক পত্ৰখনত।

নাগালেণ্ড জনজাতি পৰিষদ, গাওঁ বুঢ়া ফেডাৰেশ্যন অৱ নাগালেণ্ড, কেন্দ্ৰীয় নাগালেণ্ড প্ৰৱাসী পৰিষদ, ৰেংমা হহ’, দুৰ্নীতি আৰু অপ্ৰশমিত কৰাৰোপণৰ বিৰোধি( Against Corruption and Unabated Taxation) সংগঠনৰ লগতে আন বহু দল-সংগঠনে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আগত কেন্দ্ৰীয় চৰকাৰে বিষয়টো শীঘ্ৰে সমাধান কৰাৰ দাবী উত্থাপণ কৰে।

তাৎপৰ্যপূৰ্ণ যে ACAUT য়ে নিৰ্বাচনৰ পৰিৱৰ্তে ৰাজ্যখনৰ নাগা শান্তি চুক্তি আৰু নাগালিম গঠনৰ বিষয়টো সমাধান নোহোৱা পৰ্যন্ত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰহে পোষকতা কৰে। লগতে সংগঠনটোৱে কয় যে যদিহে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰে তেন্তে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব।