NORTHEAST NOW (Assamese)

নুৰুদ্দিন আহমেদ আন্তঃজিলা ছিনিয়’ৰ ক্ৰিকেটৰ ফাইনেলত বঙাইগাওঁ

April 24, 2018 10:28 am · এন ই নাও নিউজ
Updated: April 24, 2018 10:29 am

মঙলদৈ ষ্টেডিয়ামত চলি থকা নুৰুদ্দিন আহমেদ আন্তঃজিলা ছিনিয়’ৰ ক্ৰিকেটৰ ছেমি ফাইনেলত টছৰ জৰিয়তে শিলচৰক আঁতৰাই বঙাইগাৱেঁ ফাইনেলত প্ৰৱেশ কৰিছে।

উল্লেখযোগ্য যে ছেমি ফাইনেলৰ তিনি দিনৰ খেলত বেয়া বতৰৰ বাবে এটা ইনিংছৰ খেলো সম্পূৰ্ণ নহ’ল। সেমেকা পিটছৰ বাবে প্ৰথম দুদিনৰ খেল বাতিল হোৱাৰ পিছত ২৩ এপ্ৰিলত মুঠ ৭৪.১ অ’ভাৰৰ খেল হৈছিল, য’ত শিলচৰে বেট ধৰি ২১৯ ৰান সংগ্ৰহ কৰিছিল। শিলচৰৰ হৈ অভিষেক ঠাকুৰীয়াই সৰ্বাধিক ৫৫ (৩২) ৰান কৰাৰ লগতে প্ৰিতম দাসে ৪৫ আৰু ৰাজদীপ দাসে ২৯ ৰান কৰে। বঙাইগাৱঁৰ হৈ ৰঞ্জন গগৈ (৪/৭০), প্ৰীতম তালুকদাৰ (২/২৭) আৰু পল্লৱ দাস (২/৪৯) আছিল উল্লেখযোগ্য সফলতা লাভ কৰা ব’লাৰ।

প্ৰত্যুত্তৰত বঙাইগাৱেঁ তেওঁলোকৰ প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই ১৩ অ’ভাৰত ৪৭ ৰান সংগ্ৰহ কৰিছিল। তেনে মুহূৰ্ততে খেল সমাপ্তি আৰু ড্ৰ ঘোষণা কৰা হয়।

ফলত টছৰ জৰিয়তে চূড়ান্ত প্ৰতিযোগিতালৈ দল দুটাৰ মাজৰ এটাক নিৰ্বাচন কৰাৰ সিদ্ধান্ত লোৱা হয়। টছত বঙাইগাওঁ সৌভাগ্যৱান দল হিচাপে ফাইনেল খেলাৰ যোগ্যতা লাভ কৰে।

টোকা : প্ৰথম অৱস্থাত টছৰ ফলাফল শিলচৰৰ সপক্ষে গৈছিল বুলি আয়োজকে দিয়া তথ্যৰ ভিত্তিত শিলচৰে ফাইনেললৈ যোগ্যতা লাভ কৰা বুলি বাতৰিটোত কোৱা হৈছিল। এই ভুল বাতৰিৰ বাবে সম্পাদনা মণ্ডলী ক্ষমাপ্ৰাৰ্থী।

Related News