উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ৰ পিছতে সোমবাৰে এজন জ্যেষ্ঠ অস্থি শল্যচিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে নেপালৰ ৰাজধানী কাঠমাণ্ডুত আজি ইয়াৰ কিছু সংখ্যক নাগৰিকে শীৰ্ষ আদালতখনৰ মুখ্য ন্যায়াধীশ গোপাল পাৰাজুলিৰ পদত্যাগৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী উলিয়ায়। ডাঃ গোবিন্দ কে চি নামৰ এই চিকিৎসকজন সঘনে প্ৰতিবাদত বহাৰ বাবে জনাজাত আছিল। কালিৰ প্ৰতিবাদটো ক্ৰমাগতভাৱে তেওঁ কৰা প্ৰতিবাদৰ ১৪ নং প্ৰতিবাদ আছিল। তেওঁ ইনষ্টিটিউট অব মেডিচিনৰ ডীন হিচাপে ডাঃ শশী শৰ্মাক পুনৰ অধিষ্ঠিত কৰা বাবে মুখ্য ন্যায়াধীশ পাৰাজুলিৰ পদত্যাগ দাবী কৰি এই প্ৰতিবাদত বহিছিল। প্ৰতিবাদত বহাৰ কথা ঘোষণা কৰাৰ লগে লগে উচ্চতম ন্যায়ালয়ে তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাবলৈ গৃহ মন্ত্ৰ্যালয়ক নিৰ্দেশ দিয়ে। কিন্তু তেওঁৰ ভালেসংখ্যক সমৰ্থক আৰু সমাজকৰ্মী তথা কিছুমান ৰাজনৈতিক নেতায়ো মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীত প্ৰতিবাদত অংশগ্ৰহণ কৰে।
‘তেওঁ পদত্যাগ কৰা উচিত, কাৰণ তেওঁ বাৰে বাৰে ভুল কৰি আছে। তেওঁ দিয়া ৰায়বোৰৰ ওপৰত বহুতো লোকে প্ৰশ্ন কৰিছে। তেওঁৰ এছ এল চি প্ৰমাণপত্ৰৰ ওপৰতো সন্দেহ আছে।’ এজন প্ৰতিবাদকাৰীয়ে কয়। তেওঁ কয় যে আইন পৰিচালনা আৰু মানি চলাৰ বাবে নিয়োজিতজনেই ইয়াৰ বিৰুদ্ধে কাম কৰি আছে।
আন এজন প্ৰতিবাদকাৰী মনোজ অধিকাৰীয়ে কয়, ‘পলাতক বুলি কোৱাসকল মুকলিকৈ ঘূৰি ফুৰিছে আৰু চৰকাৰ তেওঁলোকক জেইললৈ পঠাবলৈ সক্ষম নহয়। অথচ গোবিন্দ কে চিৰ দৰে সমাজকৰ্মীক অপৰাধীৰ দৰে ধৰি জেইলত ৰখা হৈছে। এইটো নেপালী নাগৰিকৰ বাবে অপমানৰ বিষয়।’
উল্লেখযোগ্য যে নেপালত মুখ্য ন্যায়াধীশৰ ৰাজনৈতিক নিযুক্তিৰ পৰম্পৰা আছে।