• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2025 1:06 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক হৃদয় বিদাৰক ঘটনা। দৰিদ্ৰতাই মানুহক কিদৰে পথভ্ৰষ্ট কৰিব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ শেহতীয়াকৈ পোহৰলৈ আহিছে । মাত্ৰ ৫০ হাজাৰ টকাত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে এটি এমহীয়া শিশুপুত্ৰক।

হয়, আপুনি ঠিকেই শুনিছে। শেহতীয়াকৈ ঝাৰখণ্ডৰ পালামু জিলাৰ লেছলিগঞ্জ অঞ্চলত এনে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। দৰিদ্ৰতাৰ চৰম সীমাত উপনীত হোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে দম্পতীহালে।

Apply Now

খবৰ অনুসৰি এই ঘটনা পোহৰলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ব্যৱস্থা গ্ৰহণ কৰে। লগতে শিশুটিক শীঘ্ৰে উদ্ধাৰৰ নিৰ্দেশ দিয়ে। তেওঁৰ নিৰ্দেশত আৰক্ষীয়ে অভিযান চলাই শিশুটিক উদ্ধাৰ কৰে।

স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি ব্যক্তিজনৰ নাম ৰামচন্দ্ৰ ৰাম। খবৰ অনুসৰি ব্যক্তিজন উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ বাসিন্দা, কিন্তু বিগত ১৫ বছৰ ধৰি পত্নী পিংকি দেৱীৰ সৈতে পালামুৰ লোটৱা গাঁৱত বাস কৰি আহিছে। কামৰ অভাৱত তেওঁ পৰিয়ালৰ সৈতে অন্য ঠাইত থাকিছিল। শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ বাবে তেওঁৰ দৈনিক মজুৰিৰ কাম বন্ধ হৈ গ’ল। ফলত মানুহজনে পত্নীৰ চিকিৎসা বা পৰিয়ালৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিব নোৱাৰিলে।

ৰামে কয়, “মোৰ পত্নীৰ চিকিৎসাৰ খৰচ বা খাদ্য যোগান ধৰিবলৈ টকা নাছিল। সেয়ে সন্তানটো এক দালাল দম্পতীক বিক্ৰী কৰিবলৈ বাধ্য হ’লোঁ।” সেই দালাল দম্পতীয়ে ধন পৰিশোধ কৰি শিশুটিক চুবুৰীয়া জিলা লাতেহাৰলৈ লৈ যায়।

ৰামে লগতে কয়, “আমি গৃহহীন। আমি আন চাৰিটা সন্তানৰ সৈতে এটা জৰাজীৰ্ণ ছাউনিৰ তলত ৰাতিটো কটাওঁ।” পিংকি দেৱীয়ে জনায় যে তেওঁৰ দেউতাকে তেওঁক  সৰু মাটি এটুকুৰা দিছিল। তাত দম্পতীহালে বৰ কষ্টেৰে এটা জুপুৰি সাজিলে। কিন্তু সেই ঘৰটোও বৰষুণত ভাঙি পৰিল। তেতিয়াৰ পৰাই তেওঁলোকে ছাউনিৰ তলত বাস কৰি আহিছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, দম্পতীহালক কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰা নাছিল। কাৰণ তেওঁলোকৰ হাতত আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড নাছিল। ফলত চৰকাৰী সাহায্যৰ পৰাও বঞ্চিত হ’ল৷ স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে কাম নাথাকিলে দম্পতীহালে গাঁৱত ভিক্ষা খুজিছিল।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে পৰিয়ালটোৰ কাষত থিয় দিলে পালমু জিলা প্ৰশাসন। প্ৰশাসনে ২০ কেজি খাদ্য শস্য প্ৰদান কৰি বিভিন্ন চৰকাৰী আঁচনিৰ অধীনলৈ অনাৰ উদ্যোগ গ্ৰহণ কৰে।

ঘটনাৰ পিছতে লেছলিগঞ্জ আৰক্ষী থানাৰ অ’চি উত্তম কুমাৰ ৰায়ে কয় যে দম্পতীহালৰ সন্তানক উদ্ধাৰৰ বাবে লাতেহাৰলৈ আৰক্ষীৰ এটা দল প্ৰেৰণ কৰা হয় আৰু দেওবাৰে শিশুটিক উদ্ধাৰ কৰা হয়। তেওঁ কয় যে বৰ্তমান শিশুটি সুৰক্ষিত।

এনে এক কৰুণ ঘটনাই স্পষ্ট কৰি দিছে যে কেনেকৈ দৰিদ্ৰতা আৰু চৰকাৰী সহায়ৰ অভাৱত এটা পৰিয়ালে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হয়। এই ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰশাসনৰ ক্ষীপ্ৰ পদক্ষেপ আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত শিশুটি উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd