NORTHEAST NOW (Assamese)

ন্যায়াধীশক উৎকোচ ঘটনাৰ তদন্ত চলাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ে

July 25, 2018 12:28 pm · এন ই নাও নিউজ

বহু কুখ্যাত এ পি এছ চিৰ কেলেংকাৰিৰ সৈতে এইবাৰ জড়িত হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নামো।

কেলেংকাৰিটোত দালালৰ ভূমিকা লোৱা এজন অধিবক্তাকে ধৰি মুঠ দুজন দালালক যোৱা ২২ জুলাইত তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছিল ন্যায়াধীশক উৎকোচৰ এটা অপচেষ্টাৰ বিষয়টো।

ইয়াৰে এজন দালাল আছিল বৰ্তমান কেলেংকাৰিটোত অভিযুক্ত হৈ কাৰাগাৰৰ ভিতৰত থকা পল্লৱী শৰ্মাৰ স্বামী তথা ফ্লেটৰ ব্যৱসায়ী সুৰজিত চৌধুৰী আৰু আনজন আছিল অধিবক্তা শৈলেন বৰুৱা। বৰুৱা দৰং জিলা বিজেপিৰ উপ-সভাপতি হোৱাৰ লগতে দৰং বাৰ এচ’ছিয়েছনৰো সম্পাদক।

দুয়োজনে তদানীন্তন বিশেষ ন্যায়াধীশক মেনেজ কৰিবলৈ চেষ্টা কৰি থকা বুলি চোৰাংচোৱাৰ সূত্ৰে গম পাই আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিছে। ন্যায়ালয়ক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰাৰ যথেষ্ট তথ্য প্ৰমাণ ডিব্ৰুগড় আৰক্ষীৰ হাতত থকা বুলি আৰক্ষীয়ে দাবী কৰিছে।

আনহাতে এই ঘটনাই জোকাৰি গৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ক। ন্যায়ালয়ক প্ৰভাৱিত কৰাৰ চেষ্টা কৰা বুলি ওলোৱা বাতৰিক গুৰুত্বসহকাৰে লৈ তদন্ত কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Related News