NORTHEAST NOW (Assamese)

ন্যায়ালয়ে পুনৰ কাৰাগাৰৰ চাৰিবেৰৰ মাজলৈ পঠিয়ালে দুৰ্নীতিৰ সম্ৰাট ড০ বসন্ত কুমাৰ দলেক

May 30, 2018 1:31 pm · এন ই নাও নিউজ

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া বাছনি প্রক্রিয়াত ব্যাপক অনিয়মেৰে কোৰোণাৰে ধন চপোৱা আয়োগৰ সদস্য ড০ বসন্ত কুমাৰ দলেক ন্যায়ালয়ে পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰিছে। ১২ দিন ধৰি আৰক্ষীৰ জিম্মাত থকা দলেক ২৯ মে’ত বিশেষ ন্যায়াধীশৰ আদালতে ১৪ দিনৰ বাবে কাৰাগাৰলৈ প্রেৰণ কৰে ৷ তেওঁক গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত ৰখা হৈছে। আৰক্ষীৰ জিম্মাত থকা এই ১২ দিন ধৰি বিষয়াজনক আৰক্ষীৰ কেইবাজনো শীর্ষ বিষয়াই জেৰা কৰিছিল বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে দুৰ্নীতিৰে কলংকিত বিষয়াজন দ্বিতীয়বাৰৰ বাবে কাৰাগাৰলৈ যাব লগীয়া হ’ল। ইয়াৰ পূৰ্বেও তেওঁক একেটা কেলেংকাৰিতে ২০১৬ চনত গ্ৰেপ্তাৰ হৈছিল। ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা বিয়াগোম কেলেংকাৰিটোত অসম লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ অন্যতম সহযোগী আছিল আয়োগৰ সদস্য ড০ বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমান। এই তিনিওজন এতিয়া কাৰাগাৰৰ আলহী।

জানিব পৰা মতে, ড০ বসন্ত কুমাৰ দলেই অসৎ উপায়েৰে সম্পত্তিৰ পাহাৰ গঢ়িছিল। তেওঁক পূৰ্বে অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত সেৱাৰ বিষয়া নিযুক্তিত অধ্যক্ষ ৰাকেশ পালৰ সৈতে লগ হৈ বৃহৎ কেলেংকাৰি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জে’ললৈ প্ৰেৰণ কৰিছিল। কিন্তু উক্ত গোচৰটোত জামিন লৈ মুকলি আকাশৰ তলত আছিল যদিও এইবাৰ দলেক বিশেষকৈ কৃষি উন্নয়ন বিষয়া বাছনি প্ৰক্ৰিয়াত অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ সহযোগত লাখ লাখ টকা চাকৰি প্ৰাৰ্থীৰ পৰা আদায় কৰাৰ অভিযোগত যোৱা ১৭ মে’ত মহানগৰ আৰক্ষীৰ ভঙাগড় থানাই গ্রেপ্তাৰ কৰে।

Related News