নৰেন্দ্ৰ মোদীৰ আমোলত প্ৰতি ২৪ ঘণ্টাত ৩৫জন কৃষকে আত্মহত্যা কৰি আছে : ৰিপুণ বৰা

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদমেল। ফটো : য়ু বি।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে দেশৰ কৃষকসকলক জীয়াই থকাৰ অধিকাৰ নাইকিয়া কৰি পেলাইছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই।

১২ জুলাইত গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি (১১ জুলাইত) পাঞ্জাবত অনুষ্ঠিত হোৱা কৃষকৰ এখন সভাত ভাষণ প্ৰদান কৰি ‘কংগ্ৰেছে ৭০ বছৰত কৃষকসকলক কোনো সন্মান নিদিলে’ বুলি কৰা মন্তব্যক গৰিহণা দিয়ে। তেওঁ লগতে কয়, “মোদী ডাঙৰীয়াৰ সদায় মিছা কথা কোৱাটো এটা স্বভাৱ, এইটো মাত্ৰ এটা উদাহৰণহে।”

নৰেন্দ্ৰ মোদীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত ৰিপুন বৰাই কয়, “নৰেন্দ্ৰ মোদীৰ দিনত প্ৰতি ২৪ ঘণ্টাত ৩৫জন কৃষকে আত্মহত্যা কৰি আছে। এয়া মোৰ তথ্য নহয়, নীতি আয়োগৰ তথ্য। ২০১৪-১৫ চনত মোদী চৰকাৰ অহিল আৰু সেই বছৰত দেশত কৃষকৰ আত্মহত্যাৰ সংখ্যা হ’ল ১২,৩০৬ জন। ২০১৫-১৬ চনত ১২,৬০২ জন, ২০১৬-১৭ চনত এই সংখ্যা অলপ কমি হয় ১১,৪৫৮ জন আৰু ২০১৭-২০১৮ চনত ১৪,০০০ কৃষকে আত্মহত্যা কৰিছে।”

বৰাই লগতে এই আত্মহত্যাৰ কাৰণ ঋণ পৰিশোধ কৰিব নোৱৰা, খৰাং বা বানপানীত খেতি নষ্ট হোৱা আৰু বজাৰত উপযুক্ত দাম নোপোৱাৰ ফলত ফচল পেলাই দিব লগীয়া হোৱা বুলি চিহ্নিত কৰে। কংগ্ৰেছৰ দিনতো কৃষকে আত্মহত্যা কৰিছিল বুলি স্বীকাৰ কৰি তেওঁ কয় যে কংগ্ৰেছৰ দিনত এনে ঘটনাক তাৎক্ষণিকভাৱে গুৰুত্ব দিয়া হৈছিল।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ২০০৯ চনত কেন্দ্ৰত কংগ্ৰেছে দ্বিতীয়বাৰলৈ শাসনলৈ অহাৰ পাছত নিৰ্বাচনৰ পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি সমগ্ৰ দেশৰ ৭২,০০০ কোটি টকাৰ কৃষকৰ ঋণ ৰেহাই দিছিল বুলি মন্তব্য কৰে।

কিন্তু তাৰ বিপৰীতে তেওঁ কয়, “মোদীয়ে আজিলৈকে এক পইচা কৃষকৰ ঋণ ৰেহাই দিয়া নাই। কিন্তু কংগ্ৰেছ শাসনত থকা দুখন ৰাজ্য ক্ৰমে পাঞ্জাবত চৰকাৰে কৃষকৰ ঋণ ৰেহাই দিছে আৰু কৰ্ণাটকত শেহতীয়া বাজেটত কৃষকৰ ঋণ ৰেহাইৰ বাবে ব্যৱস্থা লোৱা হৈছে। ইয়াৰ বিপৰীতে ভাৰতৰ বিজেপিশাসিত এখন ৰাজ্যতো চৰকাৰে কৃষকৰ ঋণ ৰেহাই দিয়া নাই।”

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ফচল বীমা যোজনা আঁচনিৰ প্ৰসংগ উত্থাপন কৰি কয় যে অসমত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে এই আঁচনিখন কাৰ্যকৰী কৰিবই পৰা নাই। ইয়াৰ বিপৰীতে ভাৰতৰ আন ৰাজ্যসমূহৰ কৃষকৰ পৰা ২০১৬-১৭ বৰ্ষত ২০,৪৭৮ কোটি টকা প্ৰিমিয়াম সংগ্ৰহ হোৱা বুলি জানিবলৈ দি তেওঁ কয় যে তাৰ পৰা কৃষকে মাত্ৰ ৫,৬৫০ কোটি টকাৰহে ক্ষতিপূৰণ পাইছে। ইয়াৰ পৰা বাকী থকা টকাখিনি বীমা কোম্পানীৰ হাতলৈ যোৱা বুলি জানিবলৈ দি ৰিপুণ বৰাই কয়, “নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে সৰ্বসাধাৰণ মানুহৰ মূৰত বন্দুক থৈ সকলোতে কেৱল পুঁজিপতিক সহায় কৰিছে।”

বৰাই লগতে কয় যে মোদীয়ে কৃষকক সন্মানতো দূৰৈৰ কথা, কৃষকক শেষ কৰি দিছে। ‘কংগ্ৰেছে কৃষকক সন্মান দিয়া নাই’ বুলি ক’বলৈ নৰেন্দ্ৰ মোদীৰ কোনো নৈতিক অধিকাৰ নাই বুলিও তেওঁ মন্তব্য কৰে।