নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াই ঢুকি পোৱা নাই কাৰ্বি আংলঙৰ ভিতৰুৱা অঞ্চল : অসম নাগৰিক সমাজ

fe1c15c0-1f82-4cb9-bb2b-f9fa49323d1d

অন্ধবিশ্বাসৰ কবলত পৰিয়েই নৃশংস হত্যাকাণ্ডৰ বলি হ’ল নীলোৎপল দাস আৰু অভিজিৎ নাথ। আঢ়ৈ ঘণ্টা ধৰি চলিছিল নীলোৎপল–অভিজিতক আক্ৰমণ কৰাৰ প্ৰস্তুতি। আজি গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজে এখন সংবাদমেল আয়োজন কৰি এই তাৎপৰ্যমূলক মন্তব্য কৰে।

উল্লেখ্য যে সমগ্ৰ অসম জোকাৰি যোৱা ডকমকা কাণ্ডৰ পাছতে যোৱা ১৫ জুনত নাগৰিক সমাজৰ এটা প্ৰতিনিধি দলে কাৰ্বি আংলং জিলা পৰিদৰ্শন কৰিছিল। আৰু প্ৰতিনিধি দলটো তাৰ পৰা উভটি অহাৰ পাছত আজি গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিক সমাজে এখন সংবাদমেলৰ আয়োজন কৰি এই কথা জানিবলৈ দিয়ে।

‘সোপাধৰাৰ উৰাবাতৰিক কেন্দ্ৰ কৰি অঞ্চলটোত পূৰ্বৰে পৰা এক আতংকময় পৰিৱেশে বিৰাজ কৰি আছিল। গাঁওৰক্ষী বাহিনী তথা গাঁওবুঢ়াই প্ৰশাসনক খবৰ দিয়াত অসহায় হৈ পৰিছিল। কিয়নো তেওঁলোকৰ হাতত কোনো ধৰণৰ পৰ্যাপ্ত যোগাযোগ ব্যৱস্থা নাছিল’। সংবাদমেলত এই মন্তব্য কৰে নাগৰিক সমাজৰ সম্পাদক পৰেশ মালাকৰে।

আনহাতে নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞাই কয়- ‘কাৰ্বি আংলঙৰ পুলিচ প্ৰশাসন অসহায়। থানা সমূহৰ অৱস্থাও তথৈবচ। চৰকাৰে এনে ধৰণৰ সমস্যা সমূহ দূৰ কৰাত কিয় ব্যৰ্থ’।

উল্লেখ্য যে প্ৰতিনিধি দলটোৱে ডিফুত বিভিন্ন দল–সংগঠন আৰু নাগৰিক সমাজৰ লগত ডকমকা কাণ্ড সম্পৰ্কত বিভিন্ন আলোচনা কৰে বুলিও জনায়। অঞ্চলটোত সোপাধৰাৰ দৰে উৰাবাতৰি আগৰ পৰাই চলি আছিল বুলি সংগঠন সমূহে প্ৰতিনিধি দলটোক জানিবলৈ দিয়ে।

দল সংগঠনৰ লগত আলোচনাত মিলিত হোৱাৰ পাছত প্ৰতিনধি দলটো নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা অঞ্চলটোত উপস্থিত হোৱাৰ পাছত অঞ্চলবাসীয়ে ঘটনাটোৰ লগত জড়িত থকা লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে।

মন কৰিবলগীয়া যে ডকমকাৰ এই নাৰকীয় ঘটনাৰ পাছত অসমৰ বিভিন্ন প্ৰান্তৰ লোকে কাৰ্বি লোকসকলক তথা কাৰ্বি আংলং জিলাক লৈ বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য কৰাত কাৰ্বিসকল যথেষ্ট দুঃখিত হোৱা পৰিলক্ষিত হয়। তেওঁলোকে কাৰ্বি আৰু অনা কাৰ্বিৰ মাজত সদায় শান্তি-সম্প্ৰীতি তথা ঐক্য-সংহতিৰ পোষকতা কৰে বুলি সংবাদমেলত মন্তব্য কৰে।

ইফালে আজিৰ এই সংবাদমেলৰ জৰিয়তে ৰাজ্যত শীঘ্ৰে ডাইনীবিৰোধী আইন আৰু দলবদ্ধ হিংসা প্ৰতিৰোধৰ আইন প্ৰণয়ন কৰিব লাগে বুলি চৰকাৰক দাবী উত্থাপন কৰে।

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত আজিৰ এই সংবাদমেলত নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞাৰ উপৰি উপ সভাপতি প্ৰশান্ত ৰাজগুৰু, সম্পাদক পৰেশ মালাকৰ, ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ লগতে আন বিশিষ্ট লোকো উপস্থিত থাকে।