নৰ্থ-ইষ্টৰ সন্মুখত আজি তালিকাৰ শীৰ্ষস্থান অধিকাৰী ছেন্নায়িন এফ ছি

চলিত চতুৰ্থ হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগৰ প্ৰথম লেগত হতাশাজনক প্ৰদৰ্শনৰ পিছত আজি সৰুসজাইস্থিত ইণ্ডিৰা গান্ধী নেহেৰু ষ্টেডিয়ামত দ্বিতীয় লেগৰ প্ৰথম খেলত অৱতীৰ্ণ হ’ব নৰ্থ-ইষ্ট ইউনাইটেড। ঘৰুৱা দল ইউনাইটেডে ছেন্নায়িন এফ ছিৰ বিৰুদ্ধে নিজৰ শক্তি প্ৰদৰ্শন কৰিব।

উল্লেখযোগ্য যে নৰ্থ-ইষ্ট ইউনাইটেডে আজি লীগত ১০ নম্বৰ খেলত অৱতীৰ্ণ হ’ব। প্ৰথম লেগত দলটোৱে অত্যন্ত নিৰাশাজনক প্ৰদৰ্শন কৰিছিল। প্ৰথম লেগৰ আটাইকেইখন খেল অৰ্থাৎ ৯ খন খেলৰ পৰা মুঠ ৭ পইণ্ট লাভ কৰি সম্প্ৰতি তালিকাৰ নৱম স্থানত আছে নৰ্থ-ইষ্ট ইউনাইটেড। মাত্ৰ দুখন মেচত বিজয়ী হোৱাৰ বিপৰীতে ছখনতে বিপৰ্যয়ৰ সন্মুখীন হৈছে। আনহাতে দলটোৱে এখন মেচ ড্ৰ খেলিছে।

স্মৰ্তব্য যে দ্বিতীয় লেগৰ প্ৰতিখন খেলে নৰ্থ-ইষ্টৰ বাবে হ’ব গুৰুত্বপূৰ্ণ তথা মৰণপণ সদৃশ। প্লে অফত স্থান নিশ্চিত কৰিবলৈ হ’লে লেগৰ আটাইকেইখন খেলৰ পৰাই দলটোৱে পইণ্ট সংগ্ৰহ কৰিব লাগিব। লক্ষ্যণীয় যে নৰ্থ-ইষ্টে প্ৰথম লেগৰ দৰে দ্বিতীয় লেগৰো আৰম্ভণি কৰিব ঘৰুৱা ষ্টেডিয়ামৰ পৰা।

ইফালে নৰ্থ-ইষ্টৰ প্ৰতিদ্বণ্ডি ছেন্নায়িন এফ ছি দল আজিৰ খেলক লৈ যথেষ্ট আত্মবিশ্বাসী। কিয়নো দলটোৱে এতিয়ালৈ খেলা ১০ খন খেলৰ ছখনত জয়, দুখনত পৰাস্ত আৰু সম সংখ্যক খেল ড্ৰ খেলি মুঠ ২০ পইণ্টেৰে বৰ্তমান তালিকাৰ শীৰ্ষ স্থান অধিকাৰ কৰি আছে।