নৰ্থ-ইষ্ট নাও এক্সুচিভ: চি পি এমৰ সাধাৰণ সম্পাদক হোৱাৰ পথত মাণিক চৰকাৰ

Manik-Sarkar-678x381

যোৱা মাহত অনুষ্ঠিত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিবলগীয়া হলেও পৰিচ্চন্ন ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনেৰে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এক বিৰল  দৃষ্টান্ত হৈ পৰিছে কৰিছে ত্ৰিপুৰাৰ ভূতপূৰ্ব মুখ্য মন্ত্ৰী মাণিক সৰকাৰ  সৰকাৰৰ এই সুখ্যাতি আৰু সূক্ষ্ম ৰাজনৈতিক ভাৱাদৰ্শই  তেওঁক চি পি এম দলৰ সাধাৰণ সম্পাদক পদলৈ গৌৰৱেৰে আগবঢ়াই দিছে।

সেয়েহে হাইদৰাবাদত চলি থকা ২২সংখ্যক সন্মিলনত মাণিক সৰকাৰ দলটোৰ সাধাৰণ সম্পাদকৰ পদত অধিস্থিত কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

দলটোৰ ৰাজনৈতিক ভাৱাদৰ্শ বৰ্তমানৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীৰ প্ৰসাৰিত বাম আৰু গণতান্ত্ৰিক ঐক্যৰ ( কংগ্ৰেছৰ সৈতে মিত্ৰতা ) বিকল্প খছৰা পৰাজিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

সীতাৰাম য়েছুৰীৰ পূৰ্বসূৰী প্ৰকাশ কাৰাটে আলোচনাৰ বাবে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ কৰা এই খছৰাখনৰ ওপৰত কংগ্ৰেছ আৰু বিজেপিৰ পৰা সমান দূৰত্ব বজাই ৰখাৰ সপক্ষে  প্ৰাদন কৰা যুক্তিকেই গ্ৰহণ কৰাৰ সম্ভাৱনা অধিক।

এয়াই যদি হয়, তেন্তে য়েছুৰীয়ে পদত্যাগ কৰিব লাগিব। কিন্তু বিশেষভাৱে কেৰেলা গোটত কেন্দ্ৰীভূত প্ৰকাশ কাৰাটৰ অনুগত আৰু বিশেষভাৱে বেংগল গোটত কেন্দ্ৰীভূত য়েছুৰীৰ  অনুগত দুয়োটা গোটেই দলৰ সাধাৰণ সম্পাদক হিচাপে গ্ৰহণ কৰিব পৰা এগৰাকী প্ৰাৰ্থীৰ প্ৰয়োজন হৈছে ৰাজনৈতিক দলটোত।

ইতিমধ্যে দুয়োটা গোটেই পৰস্পৰৰ মতাদৰ্শৰ মাজৰ বিভাজন এৰাই  দলটোৰ ৰাজনৈতিক ভাৱাদৰ্শক গৰিষ্ঠতাৰ ভিত্তিত গ্ৰহণ কৰিব বিছাৰে। এগৰাকী শীৰ্ষস্থানীয় চিপিএম নেতাই কৈছে যে এই ক্ষেত্ৰত সাধাৰণ সম্পাদকৰ বাবে আটাইতকৈ গ্ৰহণযোগ্য প্ৰাৰ্থী হৈছে মাণিক সৰকাৰ।

সৰকাৰক ইতিমধ্যে ২২সংখ্যক সন্মিলনৰ বুধবাৰৰ উদ্বোধনী অধিৱেশনত দলটোৰ প্ৰেজিডিয়ামৰ সভাপতি মনোনীত কৰা হৈছে।

ত্ৰিপুৰাৰ বিগত বিধানসভা নিৰ্বাচনৰ ফলাফলে এগৰাকী যুৱ প্ৰজন্মৰ আৰু অধিক গতিশীল নেতাক ৰাজত প্ৰক্ষেপ কৰা আৰু সৰকাৰক ৰাষ্ট্ৰৰ কেন্দ্ৰীয় মঞ্চলৈকে লৈ যোৱাৰ প্ৰয়োজনীতাত জোৰ দিছে।

আনহাতে লিংগ কাৰকটো লৈ প্ৰতিদ্বন্দ্বিতাত নমা বৃন্দা কাৰাটৰ সৈতেও সৰকাৰৰ এক প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভৱনা আছে।

কেৰেলা গোটৰ সমৰ্থনপ্ৰাপ্ত বি ভি ৰাঘৱবুলুও সাধাৰণ সম্পাদক পদপ্ৰাৰ্থী।

কিন্তু ব্যক্তিত্ব আৰু ৰাজনৈতিক জীৱনৰ কৰ্মৰাজীৰে মাণিক সৰকাৰ সকলোৰে ওপৰত চৰ্চিত বুলি দলীয় সূত্ৰত প্ৰকাশ।

উল্লেখ্য যে জনজাতীয় এলেকাৰ চিৰাচৰিত দুৰ্গসমূহত দলটোৰ পৰাজয়ে লোকসভাৰ সংসদ জিতেন চৌধুৰীক মাণিক সৰকাৰৰ উত্তৰসূৰী হিচাপে প্ৰক্ষেপ কৰিবলৈ দলীয় নেতৃত্বক অনুপ্ৰৰণা দিছে।

চৌধুৰী হৈছে আধুনিক প্ৰযুক্তি ব্যৱহাৰত নিপুণ, এজন ব্যৱহাৰিক জ্ঞানসম্পন্ন নেতা। যদিহে বিশেষকৈ বহুবল্কী বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ্য হয় তেন্তে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ আগে আগে তেওঁ জনজাতি আৰু নতুন প্ৰজন্মৰ আস্থা ওভোতাই অনাত সফল হ‘ব বুলি দলীয় নেত্যত্ব আশাবাদী।