নৱনিৰ্মিত শিৱসাগৰ আৰক্ষী নিৱেশ উদ্বোধন কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দই

মুখ্য মন্ত্ৰী

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ঐতিহাসিক শিৱসাগৰ চহৰৰ উপকণ্ঠ এলেকাত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা শিৱসাগৰ আৰক্ষী নিৱেশৰ শুভ উদ্বোধন কৰে।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘জনসাধাৰণে যাতে শান্তিপূৰ্ণভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ বাবে নিৰাপত্তাৰ পৰিৱেশ নিৰ্মাণ কৰাটো আৰক্ষীৰ দায়িত্ব। জনসাধাৰণৰ মনত বিশ্বাসযোগ্যতা গঢ়ি তোলাৰ বাবে সকলো ধৰণৰ প্ৰয়াস চলাব লাগিব।’

ৰাজ্যখনত শান্তি. একতা আৰু নিৰাপত্তাৰ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে উল্লেখনীয় সফলতা আহৰণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অসম আৰক্ষীক দেশৰ ভিতৰতে এক উৎকৃষ্ট আৰু স্মাৰ্ট আৰক্ষী হিচাপে গঢ়ি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। লগতে ৰাজ্য চৰকাৰে মৈত্ৰী আঁচনিৰ অধীনত ৩৪৫ খন থানাৰ উন্নয়ন সাধনৰ বাবেও পৰক্ষেপ গ্ৰহণ কৰাৰ উপৰি আৰক্ষী বাহিনীক আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰে শক্তিশালী কৰাৰ উপৰি যোগাযোগ নেটৱৰ্কৰো উন্নয়ন সাধন কৰা হ’ব বুলিও সৰ্বানন্দই কয়।

আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানতে সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক সকল ক্ৰমে কুশল দুৱৰী, তপন গগৈ আৰু যোগেন মহনৰ উপৰি শীৰ্ষ আৰক্ষী বিষয়া, গাঁওৰক্ষী বাহিনীৰ প্ৰতিনিধি আৰু বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।