নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত মৃত্যুঞ্জয় সেৱাৰ সংবাদ মেল

সামাজিক উন্নয়নৰ হকে কাম কৰি অহা গুণোপতি ভেংকট কৃষ্ণ ৰেড্ডি ফাউণ্ডেচনৰ অধীনৰ মৃত্যুঞ্জয় সেৱাৰ অসম শাখাই আজি মহানগৰস্তিত গুৱাহাটী প্ৰেছ ক্লাবত এখনি সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত জি ভি কে, ই এম আৰ আই ৰ উপ-সভাপতি সঞ্জয় কুমাৰ ঝাৰ লগতে উজনি অসমৰ মৃত্যুঞ্জয় ১০৮, ১০২ ৰ আঞ্চলিক ব্যবস্থাপক কানকেণ্ড’ সিনহা , নামনি অসমৰ আঞ্চলিক ব্যৱস্থাপক ৱাসিক শইকীয়া আৰু আদৰণি এম্বুলেঞ্চ সেৱাৰ দ্বায়িত্বত থকা ৰাজীৱ শৰ্মা উপস্থিত থাকে।

সংবাদমেলত সাংবাদিক সকলক সম্বোধি সঞ্জয় কুমাৰ ঝাঁই কয় যে তেওঁলোকৰ এই সেৱা জনহিতাৰ্থে দ্বায়বদ্ধ আৰু তেওঁলোকে মানুহৰ সহায়ৰ বাবে প্ৰতি মুহূৰ্ততে সজাগ থাকে। এই ক্ষেত্ৰত তেওঁলোকৰ চেষ্টাত আশাকৰ্মী সকলক আৰু অধিক সহায়-সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনায়, তেতিয়াহে গৰ্ভৱতী মহিলাসকলক অধিক সেৱা প্ৰদান কৰিব পাৰিব বুলি সংবাদমেলখনত সদৰি কৰে। জানিব পৰা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দিনটোত প্ৰায় ২০,০০০ ফোনকল আহে আৰু প্ৰত্যেককে মৃত্যুঞ্জয় বাহিনীয়ে সঁহাৰি দিবৰ বাবে চেষ্টা কৰে। কিন্তু এই ফোনকল সমূহৰ ২০ শতাংশহে প্ৰকৃত জৰুৰীকালীন ফোন বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে প্ৰায় ৮০ শতাংশ ফোনকলেই জৰুৰীকালীন নহয় অথবা কিছু সংখ্যকে ধেমালি কৰি ফোন কৰে বুলি তেওঁ এক অভিযোগ কৰে। এনে পৰিপ্ৰেক্ষিতত এটা এটা ফোনকলে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে, সেয়েহে বিনা কাৰণত ফোন নকৰি কেৱল জৰুৰীকালীন অৱস্থাতহে ফোন কৰিবলৈ অসমবাসীক আহ্বান জনায়।

লক্ষণীয় যে মৃত্যুঞ্জয় ১০৮ বাহিনীয়ে বৰ্তমান সময়লৈকে ১,৩২,৬৯০৯৫ টা ফোনকলৰ সঁহাৰি দিছে তাৰে ৪৬,৮৮,৩১০ টা জৰুৰীকালীন ফোন, স্বাস্থ্যজনিত জৰুৰীকালীন ফোন ৩২,৪৬,১৯২ টা , গৰ্ভজনিত ১২০৯৫৫৭ টা ফোনকল আৰু আঘাতজনিত সমস্যাৰ ২৮,৪৫০৯ টা ফোনকলৰ সহাৰি দিছে। ইয়াৰ উপৰি ১০২ সেৱাই বৰ্তমানলৈকে ৫৮৪২৮৭ আৰু আদৰণি মৃত্যুঞ্জয়ে ১২২৭৯২১ টা ফোনৰ সঁহাৰি দিবলৈ সক্ষম হৈছে।

উল্লেখনীয় যে মৃত্যুঞ্জয় ১০৮ বাহিনীয়ে বৰ্তমান সময়লৈকে প্ৰায় ১.০৪ লাখ মানুহৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে বুলি সঞ্জয় কুমাৰে সংবাদমেল যোগে জানিবলৈ দিয়ে। উক্ত সংবাদমেলত উপস্থিত থকা ৱাছিক শইকীয়াই জানিবলৈ দিয়া মতে অসমৰ আটাইকেইখন জিলাত সৰ্বমুঠ ৭০১ খন মৃত্যুঞ্জয় বাহিনীৰ এম্বুলেঞইচ আছে। মহানগৰীত বৰ্তমান সময়ত ১৬ খন মৃত্যুঞ্জয় ১০৮ বাহনে সেৱা আগবঢ়াই আহিছে বুলি তেওঁ মন্তব্য কৰে।

জি ভি কতে ৰ অধীনৰ মৃত্যুঞ্জয় বাহিনীয়ে প্ৰতিদিনে ১২৭৫ টা জৰুৰীকালীন ফোনৰ সঁহাৰি দি আহিছিল যদিও চলিত বৰ্ষৰ ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ ১ জানুৱাৰীত ১৪০০ ৰ পৰা ১৫০০ লৈ এই সংখ্যা বৃদ্ধি কৰা হৈছে বুলি এক তথ্য পোৱা গৈছে। এই সন্দৰ্ভত সঞ্জয় কুমাৰেঅসমবাসীক বিশেষকৈ যুৱচামক সুৰাপান কৰি বাহন নচলাবৰ বাবে সংবাদমেল যোগে উপদেশ দিয়াৰ লগতে নিজকে সুৰক্ষিত ৰাখিবৰ বাবে আহ্বান জনায়। কথা প্ৰসংগতে তেওঁ কয় যে ‘’আনন্দ স্ফুৰ্তি কৰাৰ প্ৰয়োজনীয়তা আছে, কিন্তু তাৰ এক সীমাৰ প্ৰয়োজনীয়তা আছে।‘’