ন শিকাৰুৰ বাবে সুযোগ : উড়িচী নৃত্যৰ প্ৰসাৰত ব্যস্ত নৃত্যশিল্পী ড০ অঞ্জনা ময়ী শইকীয়া

8d3d7185-24e9-432a-975d-0d791faac447

উড়িচী নৃত্যশিল্পী ড০ অঞ্জনা ময়ী শইকীয়া

গুৱাহাটী মহানগৰীৰ আমবাৰীস্থিত আগশাৰীৰ উড়িচী নৃত্যৰ শিক্ষানুষ্ঠান ‘দৰ্পণ ডান্স একাডেমি’ত চলিত বৰ্ষৰ ২০১৮-১৯ বৰ্ষৰ নামভৰ্তীৰ বাবে আবেদন গ্ৰহণ কৰি থকা হৈছে। এই কথা জানিবলৈ দিয়ে শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক তথা প্ৰশিক্ষক ড০ অঞ্জনা ময়ী শইকীয়া ই।

উল্লেখ্য যে ২০১২ বৰ্ষৰ আমবাৰীৰ লীলাধৰ বৰুৱা পথৰ হাউচ নং ১৫ত প্ৰতিষ্ঠা লাভ কৰা নৃত্য প্ৰতিষ্ঠানখৰ জন্মলগ্নৰে পৰা ড০ অঞ্জনা ময়ী শইকীয়াৰ তত্বাৱধানত বহতো শিক্ষাৰ্থীয়ে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

শিক্ষানুষ্ঠানখনৰ প্রধান প্ৰশিক্ষক ড০ অঞ্জনা ময়ী শইকীয়াই প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীৰ গৰিমা হাজৰিকাৰ পৰা উড়িচী নৃত্যৰ আদিপাঠ গ্ৰহণ কৰিছিল।পৰৱৰ্তী সময়ত তেওঁ উড়িচীৰ শিক্ষা গ্ৰহণ কৰে কিংবদন্তি গুৰু পদ্মবিভূষণ কেলোচৰণ মহাপাত্ৰ পৰা আৰু নৃত্যশিল্পী প্ৰতিমা গৌৰী বেদীৰ পৰা।

আনহাতে অসমৰ এইগৰাকী জনপ্ৰিয় উড়িচী নৃত্যশিল্পীয়ে পৰৱৰ্তী সময়ত নৃত্যশিল্পী সুজাতা মহাপাত্ৰ, ৰিনা জানা, ভুবনেশ্বৰৰ পবিত্ৰ কুমাৰ প্ৰধানৰ তত্বাৱধানতো উড়িচীৰ শিক্ষা লাভ কৰে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে দেশৰ আগশাৰীৰ উড়িচী নৃত্যশিল্পীৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰাৰ পাছত অসমৰ এইগৰাকী উড়িচী নৃত্যশিল্পীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো নিজৰ প্ৰতিভাৰ উমান দি আহিছে।

উড়িচী নৃত্যশিল্পী ড০ অঞ্জনা ময়ী শইকীয়া

দূৰদৰ্শনৰ পৰা উড়িচী আৰু সত্ৰীয়া নৃত্যত ‘এ গ্ৰেড’ শিল্পীৰ মৰ্যাদা পোৱা নৃত্যশিল্পী ড০ অঞ্জনা ময়ী শইকীয়াই আমেৰিকা, ডেনমাৰ্ক আৰু পৰ্টুগালৰ লগতে ভাৰতৰ ভুবনেশ্বৰ, মুম্বাই, বাংগালোৰ আদি ঠাইত উড়িচী আৰু সত্ৰীয়া নৃত্যৰ প্ৰদৰ্শনেৰে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে।

মনকৰিবলগীয়া যে সংগীত নাটক অকাডেমি বঁটা প্ৰাপক গুৰু বৰবায়ন ঘনকান্ত বৰাৰ ওচৰত সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰা অঞ্জনা ময়ী শইকীয়াই উড়িচী নৃত্যৰ সমান্তৰালকৈ অভূতপূৰ্ব সফলতা লাভ কৰিছে সত্ৰীয়া নৃত্যতো।

সৰুৰে পৰা উড়িচী আৰু সত্ৰীয়া নৃত্যৰ প্ৰতি থকা অদম্য ইচ্ছা শক্তিৰ বাবে তেওঁ আজি অসমতে নহয় ভাৰতবৰ্ষতে নিজৰ প্ৰতিভাৰ উমান দিয়াৰ উপৰি এগৰাকী সফল নৃত্যশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

আনহাতে এই গৰাকী প্ৰতিভাধৰ তথা বহুতো সন্মান বুটলি আনিবলৈ সক্ষম হোৱা উড়িচী নৃত্যশিল্পী ড০ অঞ্জনা ময়ী শইকীয়াৰ তত্বাৱধানত উড়িচী নৃত্যৰ শিক্ষা গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলে ৮৬৩৮২৯০১৪৬ আৰু ৯৪৩৫১৪৩১৯০ নম্বৰ দুটাত যোগাযোগ কৰিব পাৰে।