ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত খালী হৈ থকা মুঠ ৯৪৫টা পদৰ বাবে প্ৰাৰ্থীসকলক অনলাইন আবেদনৰ সময়মীয়া পূৰ্বৰ ঘোষণা মতে ১৬ জানুৱাৰিত অন্ত পৰিছিল যদিও চৰকাৰে এক ঘোষণাৰ জৰিয়তে এই সীমা অহা ২১ জানুৱাৰীৰ মাজনিশা ১২ বজালৈকে বঢ়াই দিছে। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে। বিভিন্ন পক্ষৰ অনুৰোধৰ বাবে এই সময়সীমা বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে
উল্লেখযোগ্য যে বিভাগটোৱে সম্প্ৰসাৰণ বিষয়া (পঞ্চায়ত)ৰ ৭৪টা, কনিষ্ঠ সহায়কৰ (মুখ্য কাৰ্যালয়) ২৪টা, গ্ৰামসেৱক-সেৱিকাৰ ১৪৭টা, কনিষ্ঠ সহায়কৰ (আঞ্চলিক পঞ্চায়ত) ১০০টা, কৰ সংগ্ৰাহক তথা ৰ’ড মহৰাৰ ৪৫০টা আৰু গাঁও পঞ্চায়তৰ সচিব ১৫০টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে। এই উদ্দেশ্যে প্ৰাৰ্থীৰ পৰা অনলাইনযোগে আবেদন বিচাৰিছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটোৱে।
যোগ্যতাসম্পন্ন ইচ্ছুক আবেদনকাৰীয়ে https://pnrd.assam.gov.in/ ঠিকনাত গৈ Recruitment & Career শিতান থকা লিংকৰ জৰিয়তে এই পদবোৰৰ বাবে আবেদন কৰিব পাৰিব।