মধ্য প্ৰদেশৰ মণ্ডলাত পঞ্চায়ত ৰাজ দিৱস উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত পঞ্চায়ত ৰাজৰ অন্তৰ্গত বিভিন্ন শাখাত ছিকিমক ৬টা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়। মঙলবাৰে এই বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যখনক এই বঁটা প্ৰদান কৰা হয়।
বুধবাৰে চৰকাৰী সংবাদ বিজ্ঞপ্তি এটাত এই কথা প্ৰকাশিত হৈছে।
ই-পঞ্চায়ত পুৰস্কাৰ শাখাৰ প্ৰথম বঁটা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতৰ পৰা ছিকিমৰ গ্ৰাম্য ব্যৱস্থাপনা আৰু বিকাশ (RMD)আৰু সঞ্চায়তৰ সঞ্চালক এম এন ধাকালে গ্ৰহণ কৰে।
একেদৰে দক্ষিণ ছিকিমৰ মণিৰাম ফালিধাৰা গ্ৰাম পঞ্চায়ত গোটক গ্ৰাম পঞ্চায়ত বিকাশ পৰিকল্পনা বঁটা প্ৰদান কৰা হয় আৰু এই বঁটাটো প্ৰধান মন্ত্ৰীৰ হাতৰ পৰা সঞ্চায়ত সদস্য তপদা ভূটীয়াই গ্ৰহণ কৰে।
ৰাজ্যিক গ্ৰাম্য বিকাশ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ আৰু পঞ্চায়ত ৰাজৰ ৰাজ্যিক মন্ত্ৰী পৰষোত্তম ৰুপালাই বাকী ৪টা বঁটা ছিকিমক প্ৰদান কৰে।
তেওঁলোকে ছাউথ ডিষ্ট্ৰিক্ট জিলা পঞ্চায়তৰ অধ্যক্ষ ফাৰৱান্তি তামাং আৰু উপাধ্যাক্ষ ভীম বাহাদু লাখেৰ হাতত দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ (DDUPSP) প্ৰদান কৰে।
পশ্চিম ছিকিমৰ মাৰটাম গ্ৰাম পঞ্চায়ত গোটৰ হৈ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ গ্ৰহণ কৰে পঞ্চালয়তৰ সভাপতি চাবি লাল চেত্ৰী আৰু সম্পাদক কুমাৰ ৰাজে।
দক্ষিণ ছিকিমৰ নামফিং গ্ৰাম পঞ্চায়ত গোটৰ হৈ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ গ্ৰহণ কৰে সভাপতি বিকাশ শৰ্মা আৰু উপ সভাপতি দুৰ্গা বাহাদুৰ ছুব্বাই।
গাঁও সভাসমূহৰ বিশিষ্ট কাৰ্যাৱলীৰ বাবে গ্ৰাম পঞ্চায়তলৈ আগবঢ়োৱা নানাজী দেশমুখ ৰাষ্ট্ৰীয় গৌৰৱ গ্ৰাম সভা পুৰস্কাৰ (NDRGGSP) প্ৰদান কৰা হয় উত্ৰ ছিকিমৰ তিংভং গ্ৰাম পঞ্চায়ত গোটলৈ আৰু পুৰস্কাৰ গ্ৰহণ কৰে সভাপতি ছেৰিং ৰাপজোৰ লেপচা আৰু সম্পাদক নৰ্গে লেপচাই।