পদত্যাগ কৰিবলৈ অস্বীকাৰ জেলিয়াঙৰ : চৰকাৰ গঠনৰ নামত নাগালেণ্ডত আন এক অচলাৱস্থা

t r zeliang

সাময়িক ৰাজনৈতিক অস্থিৰতাৰ অন্ত পেলাই নাগালেণ্ডত সুকলমে নিৰ্বাচন হ’ল যদিও চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আন এক অচলাৱস্থা সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যখনত। জানিব পৰামতে বৰ্তমানৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াং আঁকোৰগোঁজ হৈ নিজৰ মুখ্য মন্ত্ৰীৰ পদটো এৰিব খোজা নাই। যাৰ ফলত পৰৱৰ্তী নতুন চৰকাৰখন গঠন কৰিবলৈ অধীৰ হৈ থকা এন ডি পি পি-বিজেপি নেতৃত্বাধীন মৰ্চাই অস্বস্তিৰে সময় পাৰ কৰিব লগা হৈছে।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে, আজি এন পি এফৰ (নাগা পীপল ফ্ৰণ্ট) দলে প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে ‘এই সন্ধিক্ষণত জেলিয়াঙৰ পদত্যাগৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে।’ বিজ্ঞপ্তিখনত কোৱা হৈছে, ‘চৰকাৰ গঠন কৰিবৰ বাবে প্ৰয়োজনীয় সংখ্যা আহৰণৰ চেষ্টা যিহেতু চলাই থকা হৈছে, নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে পদত্যাগ কৰাৰ প্ৰশ্ন নুঠে।’

আনহাতে বিবৃতিটোত সংবাদ মাধ্যমে তেওঁলোকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ কৰি কয় যে কিছুমান সংবাদ মাধ্যমত (ছপা আৰু ইলেক্ট্ৰনিক) ভুল আৰু বিদ্বেষমূলকভাৱে ‘মুখ্য মন্ত্ৰীয়ে হতাশাৰে মুখ্য মন্ত্ৰীৰ চকীখন খামুচি ধৰি আছে আৰু পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে’ বুলি সংবাদ পৰিৱেশন কৰা হৈছে। এই বাতৰিৰ দ্বাৰা তেওঁক হেয় কৰা হৈছে। বিজ্ঞপ্তিটোত দলটোৱে কয়।

‘নাগা পীপল ফ্ৰণ্ট হ’ল একক সংখ্যাগৰিষ্ঠ দল, আৰু একে সময়তে ৰাজ্যপালক প্ৰাক-নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত পত্ৰ দি জনোৱা হৈছিল যে দলটোৰ এন পি পি আৰু জে ডি (য়ু)ৰ সৈতে মিত্ৰতা আছে। ৰাজ্যপালে তেওঁক (জেলিয়াঙক) সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ৪৮ ঘণ্টা সময় দিছে।’ এইদৰে কোৱা হয় বিজ্ঞপ্তিটোত। লগতে কোৱা হয়, ‘কাৰিকৰীগতভাৱে নতুন এজন মুখ্য মন্ত্ৰীয়ে শপত লোৱা পৰ্য্যন্ত শাসনাধিষ্ঠিত মুখ্য মন্ত্ৰীজনে দায়িত্ব অব্যাহত ৰাখিব পাৰে।’

ভুল তথা বিদ্বেষপূৰ্ণ বাতৰি পৰিৱেশন কৰা উচিত নহয়। এইবুলি কয় দলটোৱে।

অৱশ্যে এই সন্দৰ্ভত ৰাজ্যপালৰ কাৰ্য্যালয়ৰ সূত্ৰই চৰকাৰ কোন দলে গঠন কৰিব সেই সন্দৰ্ভত একো জনোৱা নাই। জনামতে, ৰাজ্যপাল পি বি আচাৰ্য্যই দুয়োটা দলকে নিজৰ নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ৪৮ ঘণ্টা সময় দিয়া হৈছে। ৰাজ্যপালে এটা মন্তব্যত কয় যে সাংবিধানিক মুৰব্বী হিচাপে তেওঁ যি দলৰে সংখ্যা গৰিষ্ঠতা থাকে সেই দলকে চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাব।

মন কৰিব লগীয়া যে প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই যোৱা ৪ ফেব্ৰুৱাৰিত ৩২জন বিধায়কৰ সমৰ্থনৰ সৈতে বিজেপিৰ সৈতে গৈ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠন কৰাৰ দাবী তুলিছিল। ৰিঅ’ই ৰাজ্যপালক জনোৱা মতে তেওঁৰ সমৰ্থনত বিজেপিৰ লগতে জে ডি (য়ু)ৰ লগতে এজন নিৰ্দলীয় বিধায়ক আছে। ৰিঅ’ৰ সৈতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱো আছিল।

উল্লেখযোগ্য যে নিৰ্বাচনত এন ডি পি পি আৰু বিজেপিয়ে মিত্ৰজোঁট হিচাপে নিৰ্বাচনত নামিছিল। এন ডি পি পিয়ে ১৮খন আসন পোৱাৰ বিপৰীতে বিজেপিয়ে পাইছিল ১২খন আসন। ৬০জনীয়া সদস্যৰ বিধানসভাৰ বাবে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাটো হ’ল ৩১। তেনেস্থলত তেওঁলোকক মাত্ৰ এজনেই বিধায়ক দৰকাৰ। কিন্তু জে ডি (য়ু) আৰু নিৰ্দলীয়জনৰ সৈতে আছে ৩২ জন। আনহাতে জে ডি (য়ু)-এ প্ৰাক নিৰ্বাচনী মিত্ৰতা এন পি এফৰ সৈতে কৰিলেও নিৰ্বাচনৰ পিছত নিজৰ সমৰ্থন সলনি কৰে এন ডি পি পি-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰতি। ফলত সংকটত পৰিছে এন পি এফ। ২৬খন আসন পোৱা এন পি এফে মিত্ৰ বুলি কোৱা এন পি পিৰ হাতত আছে মাত্ৰ ২খন আসন।

এই পৰিস্থিতিত এন পি এফে চৰকাৰ গঠন কৰাৰ অংক এক নিমিলা অংক হৈ আছে। তথাপিও পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰাত নতুন চৰকাৰ গঠন কৰিম বুলি আশা পালি থকা এন ডি পি পি-বিজেপি মিত্ৰজোঁট অস্বস্তিত পৰিছে। আনহাতে জানিব পৰামতে ৰাজ্যখনৰ নতুন চৰকাৰৰ শপতগ্ৰহণত প্ৰধান মন্ত্ৰী মোদী উপস্থিত থকাৰ কথা।

তাৎপৰ্য্যপূৰ্ণভাৱে জেলিয়াঙে দেওবাৰে সাংবাদিকৰ আগত তেওঁ বিজেপিৰ সৈতে কথা পাতি থকা বুলি আৰু চৰকাৰ গঠন কৰাত আশাবাদী বুলিও মত প্ৰকাশ কৰিছিল।