পলায়নৰ পাঁচ দিনৰ ভিতৰতে পুনৰ আৰক্ষীৰ জালত সন্দেহজনক  গঁড় চিকাৰী

Accused-Hatem-Ali-with-handcuff-in-his-hand-570x320-1

হাত-কেৰেয়াৰে সৈতে আহত অৱস্থাৰেও  আৰক্ষীৰ হাতৰ পৰা পলাই যাবলৈ সক্ষম হোৱা সন্দেহজনক চোৰাং চিকাৰীটো পাঁচ দিনৰ ভিতৰতে পুনৰ ধৰা পৰিল।

৩ এপ্ৰিলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ২৮ বছৰীয়া হাতেম আলী নামৰ সন্দেহজনক চোৰাং চিকাৰীটো মঙলদৈৰ অসামৰিক চিকিৎসালয়ৰ পৰা ৰহস্যজনকভাৱে হাত-কেৰেয়াসহ পলাই যাবলৈ সক্ষম হৈছিল।

দেওবাৰে আলীক দৰং আৰক্ষীয়ে  শ্যামপুৰ আৰক্ষী থানা্ৰ অন্তৰ্গত ৰৌমাৰী চৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

আমি মনত পেলাই দিওঁ যে এটা গঁড়ৰ খড়্গৰ বাবে সাম্ভাব্য টকাৰ লেনদেনৰ  এটা তথ্যৰ পম খেদি ২ এপ্ৰিলৰ ৰাতি দৰং আৰক্ষীৰ লোকৰ এটা দলে খড়্গ কিনোতাৰ ৰূপত অসামৰিক পোছাকত দলগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী শিলবাৰী গাওঁত উপস্থিত হৈছিল।

অৱশ্যে চোৰাং চিকাৰীৰ দলটোৱে ব্যৱসায়ীৰ ৰূপত যোৱা আৰক্ষীৰ লোককেইজনৰ পৰা ধন লুট কৰাৰ বাবে তেওঁলোকৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল।  এই আক্ৰমণত ৩জন আৰক্ষীৰ লোক আহত হৈছিল।

আহত আৰক্ষীৰ লোক ৩জন আৰু অভিযুক্ত চোৰাং চিকাৰী আলীক প্ৰথমতে খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় আৰু তাৰ পাছত মাজনিশা মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

হাতত হাতকেৰেয়াৰে চিকিৎসালয়খনৰ পুৰুষৰ শৈল্য চিকিৎসা বিভাগৰ বিচনাত বান্ধি থোৱা  আৰু আৰক্ষীৰ চোকা পহৰাৰ মাজৰ পৰা অৱস্থাৰ পৰা ৰহস্যজনকভাৱে হাতেম আলী পলায়ন কৰিবলৈ সক্ষম হৈছিল।

তাৰ পাছৰে পৰা দৰং আৰক্ষীয়ে হাতেম আলীৰ সন্দানত আছিল আৰু ৮ এপ্ৰিলত আৰক্ষীৰ এটা দলে সন্দেহজনক চোৰাং চিকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।