পশ্চিম বংগ আৰক্ষীৰ ছত্ৰছায়াত পশুধনৰ চোৰাং ব্যৱসায়ৰ অভিযোগ

cattle-traders-570x320

উত্তৰ ভাৰতৰ পৰা  উত্তৰ-পূৰ্বাঞ্চললৈ বৈধভৱে পৰিবহণ কৰা পশুধনৰ ব্যৱসায়ীৰ ট্ৰাকসমূহ বে-আইনীভাৱে আবদ্ধ কৰি ৰখা আৰু আনহাতে বাংলাদেশলৈ চোৰাংকৈ পশুধন সৰবৰাহ কৰাসকলক মোটা ধনৰ বিনিময়ত ৰক্ষণাৱেক্ষণ দিয়া বুলি পশ্চিম বংগ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ ভাৰতীয় পশুধন ব্যৱসায়ী আৰু পৰিবহণকাৰী সন্থাই।

সদৌ ভাৰত পশুধন ব্যৱসায়ী আৰু পৰিবহণ সন্থাৰ সাধাৰণ সম্পাদক মুন্না শইকীয়াই নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰিছে যে বেংগলৰ উত্তৰৰ জিলাসমূহৰ আৰক্ষীয়ে উত্তৰ-পূৰ্বাঞ্চল অভিমুখী গৰু ভৰ্তি ট্ৰাকসমূহ বন্ধ কৰি থয় আৰু প্ৰতিখন ট্ৰাকৰ পৰা ৪০,০০০ৰ পৰা ৫০,০০০ টকা পৰ্যন্ত দাবী কৰে।

শইকীয়াই অভিযোগ কৰিছে যে তেওঁলোকৰ বৈধ ব্যৱসায় হোৱা সত্তেও তেওঁলোকৰ ট্ৰাকসমূহ পাৰ হৈ যাবলৈ দিয়াৰ বিনিময়ত আৰক্ষীয়ে যথেষ্ট টকাৰ দাবী কৰে। বৈধ ব্যৱসায় হোৱা বাবে উৎকোচ দিয়াৰ প্ৰয়োজন নথকা বাবে তেওঁলোকৰ গৰু ভৰ্তি ট্ৰাকসমূহ আবদ্ধ কৰি থয় বুলি শইকীয়াই প্ৰকাশ কৰিছে।

মুন্না শইকীয়াই অভিযোগ কৰা মতে ফাঁসিদেওৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় দাস এইক্ষেত্ৰত আটাইতকৈ দাগী অপৰাধী।

মুন্না শইকীয়াই দাবী কৰিছে যে ফাঁসিদেওৱা থানাৰ এই ভাৰপ্ৰাপ্ত বিষয়াজনে চোৰাং কাৰবাৰীৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ গৰু ব্যৱসায়ীসকলৰ পৰা পঞ্জীয়নপত্ৰ দাবী কৰে। চোৰাং কাৰবাৰীসকলে আৰক্ষীয়ে বিচৰামতে বিৰাট পৰিমাণৰ ধন উৎকোচ দিয়াৰ বাবে প্ৰস্তুত হৈ থাকে কাৰণ তেওঁলোকে বাংলাদেশলৈ গৰু চোৰাংকৈ চালান দি যথেষ্ট লাভ কইবলৈ সক্ষম হয়।

শইকীয়াই প্ৰকাশ কৰিছে যে তেওঁৰ সংগঠনটোৱে ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় দাস আৰু বলেৰে টকা দাবী কৰা অন্য আৰক্ষী লোকসকলৰ বিপক্ষে আইনী ব্যৱস্থা হাতত লোৱাৰ কথা চিন্তা কৰিছে।

তেওঁ কৈছে যে তেওঁলোকে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ পশুধনব্যৱসায়ীসকলৰ পশুধনসমূহ পৰিবহণ কৰি নিয়া ট্ৰাকসমূহ কোনো বাধা বিপত্তি নোহোৱাকৈ পাৰ হৈ যোৱাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাই পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

শইকীয়াই জনাইছে যে তেওঁলোকে এতিয়া মুখ্য মন্ত্ৰীগৰাকীৰ উত্তৰৰ বাবে বাট চাই আছে।

সংগঠনটোৱে নৰ্থ-ইষ্ট নাওৰ হাতত প্ৰদান কৰা পশ্চিম বংগৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰৰ প্ৰতিলিপিটোত লিখা আছে যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জাৰী কৰা ৩০৯/২০১৩ আৰু ৪২২/২০১৭ নং নিৰ্দেশ সত্তেও এয়া এতিয়াও এই নিৰ্দেশ পালন কৰা হোৱা নাই আৰু  গৰু ব্যৱসায়ী সন্থাটোৱে সংশ্লিষ্ট ৰাজ্যসমূহৰ বিভাগীয় প্ৰয়োজনীয়তাখিনি পূৰণ কৰা স্বত্তেও আমি পশ্চিম বংগৰ মাজেৰে  উত্তৰ-পূৰ্বাঞ্চললৈ পশুধন সৰবৰাহ কৰিব পৰা নাই।

শইকীয়াই কেন্দ্ৰ চৰকাৰকো আহ্বান জনাইছে যাতে বাংলাদেশলৈ পশুধনৰ চোৰাং চালান বন্ধ কৰে। তেওঁ অভিযোগ কৰিছে যে এতিয়াও বাধাহীনভাৱে চুবুৰীয়া ৰাজ্যখনলৈ পশুধনৰ চোৰাং চালান হৈয়েই আছে।

আইনৰ ৰক্ষকসকলে কেনেদৰে বাংলাদেশলৈ পশুধনৰ চোৰাং কাৰবাৰৰ শ্ৰীবৃদ্ধিত সহায় কৰিব পাৰে আৰু উত্তৰ ভাৰতৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ পশুধনৰ বৈধ ব্যৱসায় ৰুদ্ধ কৰিব পাৰে তাৰ ওপৰত মুন্না শইকীয়াই প্ৰশ্ন উত্থাপন কৰিছে।

নৰ্থ-ইষ্ট নাওৰ আগত শইকীয়াই প্ৰকাশ কৰিছে যে উত্তৰ ভাৰতৰ গৰুৰ মেঘালয়ৰ দৰে গৰুৰ মাংস ভক্ষণকাৰী ৰাজ্যত যথেষ্ট কদৰ আছে।  কিন্তু বাংলাদেশলৈ গৰুৰ চোৰাং কাৰবাৰৰ ক্ষেত্ৰত আটাইতকৈ অধিক উদগনি দিয়া পশ্চিম বংগৰ আৰক্ষীয়ে সদৌ ভাৰতীয় পশুধন ব্যৱসায়ী আৰু পৰিবহণকাৰী সন্থাক তেওঁলোকৰ বৈধ ব্যৱসায়ৰ পৰা প্ৰণালীবদ্ধভাৱে বাহিৰ কৰি দি আছে।