ৰাজনৈতিক সংকটৰ মাজতে ত্ৰয়োদশ বিধানসভা নিৰ্বাচনৰ আখৰা চলি থকা নাগালেণ্ডত মনোনয়ন দাখিলৰ বাবে মাত্ৰ দুদিন বাকী থকা অৱস্থাতো কোনো প্ৰাৰ্থীয়েই মনোনয়ন পত্ৰ দাখিল কৰা নাই। ৰাজ্যখনত কেন্দ্ৰীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰা আজি পঞ্চম দিন হ’ল। অৰ্থাৎ মনোনয়ন পত্ৰ আহ্বান জনোৱা আজি পঞ্চম দিন হ’ল। অথচ এখনো মনোনয়ন পত্ৰ পোৱা নাই ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই।
উল্লেখযোগ্য যে যোৱা ৩ ফেব্ৰুৱাৰিত নাগা হোহো আৰু শীৰ্ষস্থানীয় নাগা বেচৰকাৰী সংগঠনবোৰে এক বিবৃতিৰ জৰিয়তে নিৰ্বাচনত মনোনয়ন দাখিল কৰাটো বিশ্বাসঘাতকতা বুলি গণ্য কৰা হ’ব বুলি ভাবুকি দিয়াৰ লগতে ৪ ফেব্ৰুৱাৰিত এন এছ চি এনেও একেই ভাবুকি দিছিল। আনকি এন এছ চি এনৰ ভাবুকি আছিল অধিক কঠোৰতাৰে ভৰা। কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনা চলাই থকা বিদ্ৰোহী সংগঠনটোৱে নাগা ৰাইজৰ আহ্বানক অৱমাননা কৰিলে যিকোনো লোকেই বিষম পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি কৈছিল কালিৰ বিবৃতিত।
শাসনাধিষ্ঠিত এন পি এফ, কংগ্ৰেছ, বিজেপিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলেও কোনো দলৰ প্ৰাৰ্থীয়েই মনোনয়নপত্ৰ দাখিল কৰা নাই। বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে যদিও ঘোষিত প্ৰাৰ্থীৰো কোনেও মনোনয়ন পত্ৰ দিয়া নাই।
উল্লেখযোগ্য যে ৰাজ্যখনৰ ১১ টা ৰাজনৈতিক দলে নাগা সমস্যাটো নিৰ্বাচনৰ পূৰ্বেই সমাধানৰ দাবীত যোৱা ২৯ জাৱনুৱাৰিত নিৰ্বাচন বৰ্জন কৰাৰ বাবে এটা যৌথ বিবৃতিত চহী কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন অনুষ্ঠিত হোৱা-নোহোৱাৰ মাজত এক অস্পষ্টতাই ভূমুকি মাৰিছিলহি। কিন্তু দুদিন পিছতে বিজেপিয়ে আৰু তাৰ এদিন পিছতে এন পি এফ আৰু কংগ্ৰেছেও সেই স্থিতিৰ পৰা আঁতৰি আহি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।
কিন্তু তাৰ পিছতে নাগা হোহো আৰু এন এছ চি এনে তেওঁলোকৰ কঠোৰ স্থিতি প্ৰকাশ কৰিছিল। এই পটভূমিত অহা দুদিনৰ ভিতৰত নাগালেণ্ডৰ ৰাজনৈতিক ঘটনাৱলী বেচ লক্ষণীয় হ’ব। বিশেষকৈ ৰাজনৈতিক দলবোৰে এন এছ চি এন (আই এম)ৰ স্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰে সেয়া চাব লগীয়া হ’ব।
উল্লেখযোগ্য যে দেশৰ নিৰ্বাচন আয়োগৰ সূচীমতে ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হোৱাৰ কথা। ইতিপূৰ্বে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে এক মন্তব্যত কৈছিল যে নাগালেণ্ডত যিকোনো পৰিস্থিতিতেই নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।