NORTHEAST NOW (Assamese)

পাঁচ বছৰ কৰা হ‘ল মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যকাল

December 15, 2017 7:26 am · এন ই নাও নিউজ

ৰাজ্যৰ শিক্ষা বিভাগৰ উচ্চ সঞ্চালকালয়ৰ পৰা জাৰি কৰা এক জাননী অনুসৰি এতিয়াৰে পৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যকাল পাঁচ বছৰ কৰা হৈছে। উচ্চ শিক্ষা বিভাগৰ সঞ্চালক বাবুলাল শৰ্মাই এই সন্দৰ্ভত এখন জাননী জাৰি কৰি সংশ্লিষ্ট পক্ষলৈ প্ৰেৰণ কৰিছে।

মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যকাল পাঁচ বছৰ হ’ব লাগে বুলি বিশ্ববিদ্যালয় অনুদান আয়োগৰ এক নিৰ্দেশনা আছে। এনে নিৰ্দেশনাৰ আধাৰত ৰাজ্য চৰকাৰে অসম কলেজ কৰ্মচাৰী (প্ৰাদেশিকীকৰণ) আইন ২০১০ নামেৰে এখন আইন প্ৰণয়ন কৰে। এই আইনৰ ভিত্তিতে ৰাজ্য চৰকাৰে মহাবিদ্যালয়সমূহৰ অধ্যক্ষৰ কাৰ্যকাল পাঁচ বছৰ হ’ব লাগে বুলি নিৰ্দ্ধাৰণ কৰি নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত এক অধিসূচনা জাৰি কৰে।

উক্ত অধিসূচনা অনুসৰি চলিত মাহতে উচ্চ শিক্ষা সঞ্চালকে খালী হৈ থকা অধ্যক্ষ পদসমূহৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব। এখন বাছনি কমিটিয়ে অধ্যক্ষ নিৰ্বাচন কৰিব। এই ক্ষেত্ৰত স্বীকৃতি প্ৰদানকাৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অধ্যক্ষ হিচাপে লৈ এখন ছজনীয়া কমিটি গঠন কৰা হৈছে।

এক সূত্ৰ অনুসৰি বাছনি কমিটি আৰু মহাবিদ্যালয় পৰিচালনা সমিতিয়ে নিযুক্তিপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ পাঁচবছৰীয়া কাৰ্যকালৰ সময়ছোৱাৰ কাম কাজত দৃষ্টি ৰাখিব আৰু তেওঁৰ কামত সন্তুষ্ট হ’লে বাছনি কমিটি আৰু পৰিচালনা সমিতিৰ অনুমোদন সাপেক্ষে বয়স থাকিলে অধ্যক্ষগৰাকীৰ কাৰ্যকাল বৃদ্ধি কৰা হ’ব।

পাঁচ বছৰ সম্পূৰ্ণ কৰা যিসকল অধ্যক্ষৰ কাৰ্যকাল বৃদ্ধি নহয় তেওঁলোকক পুনৰ পূৰ্বৰ পদলৈ পঠিয়াই দিয়া হ’ব।

Related News